কমেডিয়ান কপিল শর্মাৰ কাফেলৈ অচিনাক্ত বন্দুকধাৰীৰ গুলীবর্ষণ
🔹 কানাডাত অলপতে মুকলি কৰা কাফে কুখ্যাত গেংষ্টাৰৰ লক্ষ্য !
নিউজ ডেস্ক, ১১ জুলাই : জনপ্রিয় কমেডিয়ান কপিল শর্মাই কানাডাৰ ছাৰেত অলপতে মুকলি কৰা কাফেখন অচিনাক্ত বন্দুকধাৰীৰ আক্রমণৰ লক্ষ্য হৈ পৰে৷ ছাৰেত কেপ’ছ কাফে থকা অট্টালিকাটোৰ কালি অচিনাক্ত বন্দুকধাৰীয়ে বিস্তৰ ক্ষতিসাধন কৰে৷
তথ্য মতে, এখন কাৰত অহা বন্দুকধাৰীয়ে কাফে থকা অট্টালিকাটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰি নির্বিঘ্ণে আঁতৰি যায়৷ সৌভাগ্যবশত: বন্দুকধাৰীয়ে আক্রমণ চলোৱাৰ সময়ত কোনো লোক তাত নাছিল৷ জনপ্রিয় কমেডিয়ান কপিল শর্মাৰ ৰেষ্টুৰেণ্টখনক লক্ষ্য কৰি কিয় বন্দুকধাৰীয়ে গুলীচালনা কৰিছে এই সন্দর্ভত এতিয়াও কোনো তথ্য লাভ কৰা নাই যদিও প্রাৰম্ভিক ধাৰণা মতে কমেডিয়ান কপিল শর্মাক ভাবুকি দিবলৈ বন্দুকধাৰীয়ে এই কাণ্ড সংঘটিত কৰিছে৷ কপিল শর্মাই শ্ব’ৰে অভাৱনীয় জনপ্রিয়তা লাভ কৰাই নহয়, বিপুল পৰিমাণৰ ধন উপার্জন কৰা কমেডিয়ানগৰাকীৰ কাফেলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰাৰ আঁৰত ধন দাবীৰ পৰিকল্পনাও থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷
কাৰত থাকিয়েই কেইবাজাঁই গুলী নিক্ষেপ কৰি নিবিঘ্ণে আঁতৰি যোৱা অচিনাক্ত বন্দুকধাৰী ভাৰতীয় মূলৰ কুখ্যাত গেংষ্টাৰৰ সদস্যও হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ কিয়নো কানাডাত খালিস্তানীপন্থীৰ লগতে ভাৰতৰ কুখ্যাত গেংষ্টাৰৰ নেটৱর্ক চলি আছে৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, খালিস্তানী সন্ত্রাসবাদী হৰজিৎ সিং লাড্ডী জড়িত থাকিব পাৰে৷ সন্ত্রাসবাদী সংগঠন বাবৰ খালছা ইণ্টাৰনেচনেলৰ সৈতে জড়িত লাড্ডী ভাৰতৰ নিয়াৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী৷ কমেডিয়ান কপিল শর্মাৰ কাফেলৈ গুলীবর্ষণেৰে ভাবুকি দিয়া বুলিও আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ অৱশ্যে তদন্তৰ অন্ততহে প্রকৃত কাৰণ জানিব পৰা যাব৷