🔹 ৰাজ্যত ‘মুন্নাভাই এমবিবিএছ’ৰ দপদপনি
বিশেষ বার্তা, ১১ জুলাই : সম্পূর্ণ তথ্য নজনাকৈ কোনো চিকিৎসকৰ পৰা চিকিৎসা সেৱা গ্রহণৰ সময়ত সাৱধান হওক৷ কাৰণ, ৰাজ্যত এতিয়া ভুৱা চিকিৎসকৰ দপদপনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ যোৰহাটত দুজন আৰু জুৰীয়াত এজন ভুৱা চিকিৎসক গ্রেপ্তাৰ হোৱাৰ পাছত একাংশ প্রৱঞ্চকে কিদৰে চিকিৎসা সেৱাৰ নামত ৰোগীক প্রতাৰণা কৰাৰ লগতে লুণ্ঠন কৰি আহিছে তাৰ তথ্য পোহৰলৈ আহিছে৷
যোৱা জানুৱাৰীৰ পৰা ৰাজ্যত মুঠ ১০জন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰা হৈছে৷ ৰাজ্যৰ ভুৱা চিকিৎসক প্রতিৰোধী কোষৰ বিষয়া ডাঃ অভিজিৎ নেওগে প্রকাশ কৰা অনুসৰি তেওঁলোকে ৰাজ্যৰ ভিন্ন প্রান্তত এনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে যোৰহাট আৰক্ষীয়ে কালি বাহনাৰ অমৰজ্যোতি নাথ আৰু জেইল ৰোডৰ অশোক কুমাৰ গগৈক গ্রেপ্তাৰ কৰে৷ দুয়োজন হোমিঅ’ চিকিৎসক যদিও মেডিচিন বিশেষজ্ঞ হিচাপে ৰোগীক চিকিৎসা কৰি আহিছে৷ অমৰজ্যোতি গগৈয়ে যোৰহাটৰ বড়িগাঁৱৰ খাজুৰিগুৰিত বিগত তিনি বছৰ আৰু অশোক কুমাৰ গগৈয়ে নগৰৰ মাজমজিয়াৰ পুৰণি আৱর্ত ভৱন পথত বিগত ৮ বছৰ ধৰি চেম্বাৰ খুলি ৰোগীক চিকিৎসা প্রদান কৰি আহিছে৷ যোৰহাট আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৯ (২)/৩১৬ (২)/৩৩৬ (২)/১২৫/২৭১ ধাৰাৰ অধীনত ৩৪৫/২০২৫ আৰু ৩৪৬/২০২৫ নম্বৰত দুটা গোচৰ পঞ্জীয়ন কৰি তেওঁলোকক গ্রেপ্তাৰ কৰে৷ দুই ভুৱা চিকিৎসকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে৷ দুয়োজনৰে হোমিঅ’ চিকিৎসকৰ প্রমাণ–পত্র আছে যদিও তেওঁলোকে মেডিচিন বিশেষজ্ঞ হিচাপে চিকিৎসা প্রদান কৰি আহিছে৷ যিসমূহ অনুষ্ঠানৰ পৰা তেওঁলোকে এই সেৱাৰ বাবে অনুমোদন লাভ কৰা বুলি কৈছে সেইসমূহলৈ তেওঁলোকৰ প্রমাণ–পত্রসমূহ সত্যতা নিৰূপণৰ বাবে আৰক্ষীয়ে প্রেৰণ কৰিব৷
ভুৱা চিকিৎসক প্রতিৰোধী কোষৰ বিষয়া ডাঃ নেওগৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে এই অভিযান চলাইছিল৷ আনহাতে, জুৰীয়াৰ সমীপৰ দগাঁৱতো পৰহি এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত চিকিৎসকজন হৈছে বিমল সূত্রধৰ৷ দগাঁৱৰ মাহমুদা মেডিকেল হলত নিজৰ নামফলক আঁৰি ভুৱা ডিগ্রী দেখুৱাই শিশুক তেওঁ চিকিৎসা কৰি আহিছিল৷ একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ভুৱা চিকিৎসকজনক গ্রেপ্তাৰ কৰে৷
উল্লেখ্য যে ভুৱা চিকিৎসক প্রতিৰোধী কোষৰ বিষয়া ডাঃ অভিজিৎ নেওগে দীর্ঘদিন ধৰি ভুৱা চিকিৎসকৰ বিৰুদ্ধে সবল ভূমিকা গ্রহণ কৰি আহিছে৷ বিগত ৫–৬ বছৰৰ ভিতৰতে তেওঁৰ ব্যক্তিগত প্রচেষ্টাত ৰাজ্যত ৪৬জন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰা হৈছে৷ আনকি তেওঁ ভুৱা চিকিৎসকৰ বিৰুদ্ধে তদন্ত চলোৱাৰ বাবে সঠিক ব্যৱস্থা গ্রহণৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে৷ সেই আবেদনৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ভুৱা চিকিৎসক প্রতিৰোধী কোষ গঠন কৰিবলৈ নির্দেশ প্রদান কৰিছে৷ সম্প্রতি এই ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি অব্যাহত আছে৷ ডাঃ নেওগে প্রকাশ কৰা অনুসৰি সম্প্রতি কোষে ভুৱা চিকিৎসকৰ বিৰুদ্ধে খবৰ লাভ কৰাৰ লগে লগে তথ্য–প্রমাণ সংগ্রহ কৰি চিআইডিৰ ওচৰত জিৰ’ এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিতে চিআইডিয়ে সংশ্লিষ্ট থানাত গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়াৰ লগতে তদন্ত কৰিবলৈ দায়িত্ব অর্পণ কৰে৷ সেই অনুসৰিয়ে স্থানীয় আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰে৷ ৰোগীৰ জীৱনক লৈ হেতালি খেলা এনে চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও তেওঁ সদৰী কৰিছে৷
ডাঃ নেওগে প্রকাশ কৰা অনুসৰি ৰাজ্যৰ চাহ বাগিচা আৰু চৰ অঞ্চলসমূহত ভুৱা চিকিৎসকৰ সংখ্যা অধিক৷ এই দুর্গম অঞ্চলসমূহ সহজে সাধাৰণ লোকৰ নজৰলৈ নহাৰ বাবে এনে ভুৱা চিকিৎসকে চিকিৎসা প্রদান কৰি সহজ–সৰল লোকসকলক চিকিৎসা প্রদানৰ নামত প্রতাৰণা কৰি আহিছে৷