🔹 ‘মুগা : অসমৰ সোণালী সূতা, ঢকুৱাখনাৰ গৌৰৱ’
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১১ জুলাই : অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ উদ্যোগত এমহীয়াকৈ গুৱাহাটীস্থিত ৰাজ্যিক সংগ্ৰহালয় প্ৰেক্ষাগৃহত ‘মুগা : অসমৰ সোণালী সূতা, ঢকুৱাখনাৰ গৌৰৱ’ শীৰ্ষক এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে। এই প্ৰদৰ্শনীত অসমৰ গৌৰৱময় মুগাশিল্পৰ ঐতিহ্য আৰু এই ঐতিহ্য বহনকাৰী ঢকুৱাখনা অঞ্চলৰ মুগাপালনৰ বিভিন্ন পৰম্পৰাগত কলাকৌশল, বিজ্ঞানসন্মত পদ্ধতি, মুগাৰ সৈতে জড়িত লোকজীৱনচৰ্যা ইত্যাদি বিভিন্ন দিশ উপস্থাপন কৰা হয়।
অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি সঞ্চালকালয়ৰ প্ৰাক্তন সচিব তথা ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত ৰঞ্জন শৰ্মাই বুধবাৰে বিশেষ প্ৰদৰ্শনীখন উদ্বোধন কৰি ঢকুৱাখনা মহাবিদ্যালয় আৰু সংগ্ৰহালয়ৰ যৌথ উদ্যোগত সম্পন্ন এই মননশীল সাংস্কৃতিক মুগা প্ৰদৰ্শনীৰ উচ্চ প্ৰশংসা কৰে আৰু এই প্ৰদৰ্শনীক অসমৰ জাতীয় জীৱন তথা শৈল্পিক কলাসুলভতাৰ এক জীৱন্ত নিদৰ্শন হিচাপে অভিহিত কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি সঞ্চালকালয়ৰ সচিব মানস নাথে অসমৰ মুগা সংস্কৃতি সংৰক্ষণত অনবদ্য বৰঙণি আগবঢ়াই অহা ঢকুৱাখনা অঞ্চলৰ গৌৰৱময় পৰম্পৰাৰ প্ৰশংসা কৰি এই প্ৰচেষ্টাৰ শলাগ লয় আৰু এনে স্থানীয় লোককলা-শিল্পৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে অসম চৰকাৰ সদায় বদ্ধপৰিকৰ বুলি মন্তব্য প্ৰদান কৰে।
অনুষ্ঠানত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক অৰিন্দম বৰুৱাই আদৰণী ভাষণত এই প্ৰদৰ্শনীৰ জৰিয়তে সংগ্ৰহালয়, শিক্ষানুষ্ঠান আৰু লোক-পৰম্পৰাগত কলাশিল্পৰ মাজত আন্তৰিক সম্বন্ধ স্থাপনৰ প্ৰয়াস কৰাৰ কথা উল্লেখ কৰে। প্ৰদৰ্শনীত ঢকুৱাখনাৰ পুৰণি মুগা বস্ত্ৰ, পৰম্পৰাগত মুগা কটা সঁজুলি, মুগা পালনৰ বিভিন্ন স্তৰ আদি চিত্ৰ, গ্ৰাফিক্স আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ঢকুৱাখনাৰ ভাস্কৰ্য শিল্পী মনোজ গগৈয়ে নিৰ্মাণ কৰা ভাস্কৰ্যৰ ৰূপত উপস্থাপন কৰা হৈছে।
উল্লেখ্য যে এই প্ৰদৰ্শনীতে মহাবিদ্যালয়ে প্ৰস্তুত কৰি উলিওৱা ‘মুগা : অসমৰ সোণালী সূতা, ঢকুৱাখনাৰ গৌৰৱ’ নামৰ এখনি নান্দনিক তথ্যচিত্ৰও মুকলি কৰা হয়। উপস্থিত দৰ্শকে এই তথ্যচিত্ৰৰ ভূয়সী প্ৰশংসা কৰে। এই ঢকুৱাখনীয়া মুগা বিষয়ক তথ্যচিত্ৰখনত মুগা পালনৰ প্ৰথমটো স্তৰৰ পৰা আৰম্ভ কৰি তাঁতত কাপোৰ বোৱালৈকে সকলো দিশ দাঙি ধৰা হৈছে। এই অনুষ্ঠানতে Museum Connect নামৰ সংগ্ৰহালয় বুলেটিন আৰু Museum Matters নামৰ ই-নিউজলেটাৰৰো শুভ উন্মোচন কৰা হয়। অনুষ্ঠানৰ অন্তত ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° যোগানন্দ সূতে প্ৰদৰ্শনীৰ সৈতে জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনতো ৰাজ্যিক সংগ্ৰহালয়ৰ সৈতে সহযোগিতাৰে জাতীয় কলাকৃষ্টি তথা লোকশিল্পৰ সংবৰ্ধনৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।
অনুষ্ঠানত ৰাজ্যিক সংগ্ৰহালয়ৰ বিষয়ববীয়া আৰু মহাবিদ্যালয়ৰ শিক্ষক প্ৰতিনিধিবৃন্দও উপস্থিত থাকে। মহাবিদ্যালয়ৰ প্ৰযোজনাত নিৰ্মিত তথ্যচিত্ৰৰ প্ৰস্তুতকৰণ তথা প্ৰদৰ্শনী পৰিকল্পনাত মহাবিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে অধ্যয়নৰত আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ক্ৰমে ৰাজা গোহাঁই, শান্তনু গগৈ, ঈশাণ হাজৰিকা, ৰাজদ্বীপ বৰুৱা, বনজিৎ বুঢ়াগোহাঁই, গৌৰী শংকৰ চুতীয়া, নিৰুজ নয়ন শইকীয়া, কৌশিক ফুকন, ভাৰ্গৱ চুতীয়া, কল্পজ্যোতি গগৈ, দীক্ষাজ্যোতি চুতীয়া, স্মিতা গুপ্তা, ডিম্পি গগৈ আদিয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰদৰ্শনী অহা ১০ আগষ্টলৈকে গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ত জনসাধাৰণৰ বাবে মুকলি থাকিব বুলি উদ্যোক্তাই জনাইছে।