নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰো গাড়ী দিছে নেকি ট্ৰেভেল এজেঞ্চী-ত… তেন্তে চাওক এই প্ৰতিবেদন

গুৱাহাটীৰ পৰা গাড়ী ভাৰাত লৈ পশ্চিমবংগৰ শিলিগুৰিত জিপিএছ খুলি চক্রটোৱে বাহনসমূহ নেপালত বিক্রী কৰি আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় গাড়ী চোৰচক্রই ট্ৰেভেল এজেঞ্চী পাতি বিভিন্ন কৌশলেৰে গাড়ী ভাৰাত লৈ চুবুৰীয়া ৰাষ্ট্র নেপালত বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷

চানমাৰি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে পশ্চিমবংগত অভিযান চলাই ৬খনকৈ চুৰি বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ইফালে এই আন্তঃৰাষ্ট্রীয় গাড়ী চোৰচক্রটোৰ মাষ্টাৰমাইণ্ড সোমনাথ মুখার্জীক পশ্চিমবংগ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি ৮ দিনৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত অসম আৰু পশ্চিমবংগৰ পৰা ২ শতাধিক বিলাসী বাহন চক্রটোৱে চুৰি কৰাৰ কথা স্বীকাৰ কৰিছে৷

চুৰি কৰা বাহনসমূহ চক্রটোৰ সদস্যই নেপালত বিক্রী কৰা বুলিও সোমনাথে জেৰাত স্বীকাৰ কৰিছে৷ পশ্চিমবংগ আৰক্ষীৰ ৮ দিনৰ জিম্মা অন্ত পৰাৰ পিছতে চানমাৰি আৰক্ষীয়ে সোমনাথ মুখার্জীক জিম্মাত ল’ব৷ গুৱাহাটীৰ পৰা গাড়ী ভাৰাত লৈ পশ্চিমবংগৰ শিলিগুৰিত জিপিএছ খুলি চক্রটোৱে বাহনসমূহ নেপালত বিক্রী কৰি আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

Niyomiya Barta Desk, 12 July, 2025

You might also like