আইৰ মুখৰ মাত
ধর্ম নহয়, ভাষাইহে চিনাকি দিয়ে আমাৰ জাতিৰ ৷ আইৰ মুখৰ মাতষাৰেই আমাৰ মুখৰ মাত৷ আইৰ মুখৰ মাতষাৰেই আমাৰ মাতৃভাষা৷ এই মাতৃভাষাই আমাৰ প্রথম চিনাকি, আমাৰ গর্ব৷ মাতৃভাষাৰে গঢ়ি উঠে আমাৰ জাতীয় পৰিচয়৷ আমাৰ মাতৃভাষা অসমীয়া– আমাৰ জাতিৰ পৰিচয় অসমীয়া৷ ঠিক অসমীয়াৰ দৰে মাৰাঠী, পাঞ্জাবী, বাঙালী আদি জাতিবোৰো পৰিচিত হৈছে সংশ্লিষ্ট মাতৃভাষাৰ আলমতে৷ স্বাভাৱিকভাৱেই এই মাতৃভাষাৰ লগত জড়িত হৈ থাকে একো একোটা জাতিৰ প্রচণ্ড জাত্যাভিমান, প্রচণ্ড আৱেগ৷ এই আৱেগত সামান্য আঁছোৰ পৰা মানেই জাত্যাভিমানৰ বক্ষত ছুৰিকাঘাত কৰা৷ যি আঘাত পৃথিৱীৰ যিকোনো আত্মাভিমানী জাতিয়ে কেতিয়াও সহ্য নকৰে, ক্ষমা নকৰে৷ মহাৰাষ্ট্রত মাৰাঠী ভাষা ৰক্ষাৰ বাবেই সুদীর্ঘ কালৰ পাছত থাকৰে পৰিয়ালে একগোট হৈ ৰাজনীতি একাষৰীয়া কৰি গৰজি উঠিছে৷ কেৱল ধর্মৰ আলমতে গঢ় লৈ উঠা সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাৰ এজন তথাকথিত নেতা মাইনুদ্দিন আলীয়ে চৰম স্পর্ধাৰে ঘোষণা কৰিছে যে আগন্তুক লোকপিয়লত অসমত বসবাস কৰা বংগমূলৰ মুছলমানে মাতৃভাষা হিচাপে নিলিখে অসমীয়া৷ বিপৰীতে মাতৃভাষা হিচাপে লিখিব বাংলা৷ অসমীয়া ভাষা–জাতিক অসমৰে মাটিত থিয় হৈ, অসমৰে বায়ু–পানী সেৱন কৰি চৰম বিশ্বাসঘাতকতাৰে সংখ্যালঘুত পৰিণত কৰাৰ হুংকাৰ দিয়াৰ স্পর্ধাই কেৱল অসমীয়াৰ আৱেগকে ছুৰী বহুওৱা নাই, লগতে প্রমাণ কৰিছে বছৰ বছৰ ধৰি আৱেগিক অসমীয়াই এনে লক্ষ লক্ষজন বিশ্বাসঘাতক জাতিদ্রোহীক লালন–পালন কৰি আহিছে৷ প্রকাশ্যভাৱেই এবিএমছুৰ এই ধিক নেতাজনৰ আস্ফালন–উদ্ধতালি ৰাজ্যখনৰ মুখ্যমন্ত্রীকে ধৰি দল–সংগঠনে একমুখে ধিক্কাৰ দিছে৷ মাত্র ধর্মীয় শক্তিৰে ৰাজনীতিৰ জখলা বগাব খোজা এই মাইনুদ্দিন আলীয়ে অসমীয়া ভাষাকে সংখ্যালঘু কৰিব খোজা নাই, সংখ্যালঘু কৰিব খুজিছে অসমীয়া জাতিটোকো৷ আলীয়ে কৈছে– লোকপিয়লত আমি অসমীয়া ভাষা নিলিখিম৷ আমি অসমীয়া ভাষা উঠাই দিম৷ অসমীয়া ভাষা উঠাই দিয়াৰ লগে লগে অসমীয়া ভাষা–জাতি সংখ্যালঘুত পৰিণত হ’ব৷ এই ভাষ্যই নিশ্চিত কৰে যে আমি অসমীয়াসকলে বৃহত্তৰ অসমীয়া জাতিৰ যিসকলক অংশীদাৰ বুলি অতদিনে বুকুত সাবটি লৈ আহিছোঁ, সেইসকলৰ মাজৰ একাংশ মুখত এখন মুখা পিন্ধা অসমীয়া৷ সামান্যতম সুযোগ পালেই যিসকলে তেওঁলোকৰ এই অসমীয়া মুখা খুলি দলিয়াই দিব আৰু তেওঁলোকৰ বীভৎস প্রকৃত পৰিচয় উন্মোচিত কৰিব৷
এবিএমছুৰ নেতাৰ এই ভাষ্যই ৰাজ্যত তীব্র বিতর্কৰ সৃষ্টি কৰাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অত্যন্ত এক গুৰুত্বপূর্ণ প্রতিক্রিয়া প্রকাশ কৰিছে– পূর্ববংগীয় মুছলমানে অসমীয়া মাতৃভাষা নহয় বুলি লিখিলেও অসমীয়া ভাষা জীয়াই থাকিব৷ তেওঁলোকৰ ওপৰত নির্ভৰশীল নহয় অসমীয়া ভাষা৷ সেইসকলক উদ্দেশ্যি তাৎপর্যপূর্ণভাৱে তেওঁ কৈছে– ‘লোকপিয়লত বাংলা লিখিলে অসমত থকা বাংলাদেশীৰ সংখ্যা গণনা কৰাত উজুহে হ’ব৷’ নিশ্চিতভাৱে সময়ে সময়ে অসমীয়াৰ আৱেগক লৈ খেলা কৰিব বিচৰা চিন্তাক নিঃশেষ কৰিবলৈ এটা চয়–নিশ্চয় সিদ্ধান্তলৈ অহাটো এতিয়া সময়ৰে দাবী৷ ইমানদিনে অসমৰ এচাম লোকে তেওঁলোকক ন–অসমীয়া বুলি আঁকোৱালি লৈ যি মাৰাত্মাক ভুল কৰি আহিছিল, সেই ভুলৰ এক নিশ্চিত শুধৰণি জাতিটোৰ বাবেই অতীব প্রয়োজন৷ যদিও মাইনুদ্দিন আলীৰ দৰে এচাম নেতাৰ ৰাজনৈতিক ব্লেকমেইলিং উদ্দেশ্যৰে কৰা মন্তব্যই অসমীয়া জাতিৰ নোম এডালো লৰাব নোৱাৰে, তথাপি এনে চিন্তাক গজালিতে মষিমূৰ কৰিবলৈ সষ্টম হ’ব লাগিব অসমীয়া৷ কেৱল হুংকাৰ আৰু বিবৃতিৰে এইচামক সকীয়াই দিলেই নহ’ব৷ ভৱিষ্যতে যাতে অসমীয়া ভাষা আৰু জাতিক সংখ্যালঘুত পৰিণত কৰাৰ সামান্যতম সপোনো দেখিব নোৱাৰে, তাৰ বাবে প্রণালীবদ্ধভাৱেই মাতৃভূমিক ভালপোৱা প্রতিটো দল–সংগঠন আৰু ব্যক্তিয়ে এনে চিন্তাধাৰা সংগোপনে কঢ়িয়াই ফুৰা লোক আৰু তেওঁলোকৰ দলসমূহক ৰাজনৈতিকভাৱে বধ কৰিব লাগিব৷ নহ’লে ৰাজনৈতিক মুনাফাৰ উদ্দেশ্যেই এই ধুৰন্ধৰসকলে সময়–সুযোগ বুজি এনে ব্লেকমেইলিঙেৰে অসমীয়াৰ আৱেগ আৰু জাত্যাভিমানক গজাল মাৰিবলৈ চেষ্টা কৰিব৷ সেয়া কাহানিও কোনো অসমীয়াই সহ্য নকৰিব৷