নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৮ লাখ বিঘা চৰকাৰী–বনভূমি আছে বেদখলকাৰীৰ কবলত : মুখ্যমন্ত্রী ড০ শর্মা

🔹 অসমীয়াক সংখ্যালঘু কৰাৰ চক্রান্তৰে চৰকাৰী ভূমি দখলৰ চেষ্টা

বিশেষ বাৰ্তা, ১৩ জুলাই : গোৱালপাৰা–বঙাইগাঁও জিলাত শেহতীয়াকৈ চলা উচ্ছেদক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজনৈতিক বিতর্ক তথা বিৰোধীয়ে ৰাজ্য চৰকাৰক অমানৱীয়ভাৱে তথা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা বুলি কৰি অহা সমালোচনাৰ প্রত্যুত্তৰ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রত্যুত্তৰ দিয়াই নহয়, উচ্ছেদক লৈ মুখ্যমন্ত্রীগৰাকীয়ে দাঙি ধৰিলে এলানি বিস্ফোৰক তথ্য৷

কালি মঙলদৈত দৰং মেডিকেল কলেজৰ প্রস্তাৱিত স্থান নিৰীক্ষণৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয়– খিলঞ্জীয়া অসমীয়াক সংখ্যালঘু কৰাৰ বাবে একাংশই চক্রান্তত নামিছে, এয়া এক ডাঙৰ চক্রান্ত৷ এই বিস্ফোৰক অভিযোগেৰে মুখ্যমন্ত্রী ড০ শর্মাই শেহতীয়া উচ্ছেদৰ সময়ত পোহৰলৈ অহা কেইবাটাও তথ্য দাঙি ধৰি কয় যে অসমীয়া মানুহক সংখ্যালঘু কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ হাতত থকা তথ্য মতে ৮ লাখ বিঘা চৰকাৰী ভূমি বিভিন্ন পর্যায়ত বেদখলত আছে৷ বনাঞ্চলৰ মাটিও এই ৮ লাখ বিঘা ভূমিৰ ভিতৰতে আছে৷ আমি উচ্ছেদ অভিযান কিবা তৃপ্তি লাভৰ বাবে নকৰোঁ, কাৰোবাক উচ্ছেদ কৰি ভাল লগাৰ বাবে এই কাম আমি নকৰোঁ৷ কিন্তু সমস্যাটো হ’ল উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ কাঢ়া নির্দেশ আছে যে বনাঞ্চলৰ ভূমিত কোনোধৰণৰ বেদখল হ’ব নালাগে, ভিজিআৰ–পিজিআৰত কোনোধৰণৰ বেদখল হ’ব নালাগে৷ যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে তেতিয়া তাত এটা নতুন তথ্য পোহৰলৈ আহিছে৷ গোৱালপাৰাত যি ঠাইত উচ্ছেদ হৈছে, এই উচ্ছেদিতসকলৰ আধাসংখ্যকতকৈও অধিক লোক বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা অহা৷ প্রশ্ণ হ’ল- যদি তেওঁলোক ভূমিহীন, তেন্তে নিজৰ জিলাত ভূমি বিচাৰিব লাগে৷ শেহতীয়াকৈ লখিমপুৰতো উচ্ছেদ চলিছিল৷ দেখা গৈছে যে দক্ষিণ শালমাৰা–শ্রীভূমিৰ পৰা বহু লোক লখিমপুৰত বহিছিল৷ ঠিক তেনেদৰে গৰুখুঁটিত উচ্ছেদৰ সময়তো দেখা পোৱা গৈছিল যে উচ্ছেদৰ পিছত বহু লোক ছয়গাঁও–বকোলৈ গুচি গৈছিল৷ ইয়াৰ দ্বাৰা স্পষ্ট হয় এই লোকসকল বেলেগ বেলেগ জিলাৰ পৰা অহা৷

মুখ্যমন্ত্রীয়ে কয়- এই লোকসকল বেলেগ বেলেগ জিলাৰ পৰা কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহৰ সমষ্টিসমূহলৈহে আহে৷ ইয়াৰ ওপৰত নিশ্চিতভাৱে এক অধ্যয়ন হ’ব লাগে যে এই মানুহবোৰ দৰিদ্রতাৰ বাবে আহে নে কোনোবাই ভোটৰ স্বার্থত আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিসমূহত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰাৰ বাবে তেওঁলোকক ইয়ালৈ লৈ আহে৷ মই ভাবোঁ যে ইয়াৰ ওপৰত এক গৱেষণা হ’ব লাগে৷ তেওঁ পুনৰ কয় যে দৰং জিলাৰ যিখিনি ভূমিহীন লোক তেওঁলোকে গৰুখুঁটিলৈ আহে যদি তাত ক’বলৈ একো নাথাকে৷ একেদৰে গোৱালপাৰাৰ দুখীয়া লোক যদি পাইকানত বহে, দৰিদ্রতাৰ কাৰণে আহিছে বুলি ধৰি ল’ম৷ কিন্তু দক্ষিণ শালমৰা, মানকাচৰ, বৰপেটা, শ্রীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমলৈ কিয় মানুহবোৰ আহিছে৷ আজি গোলাঘাটৰ সৰুপথাৰ সমষ্টিত দেখি আচৰিত হ’ব লগা বিষয়টো হ’ল যে নগাঁৱৰ ধিং, ৰূপহীৰ পৰা বহু লোক উৰিয়ামঘাটলৈ গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিত সামঞ্জস্য ভাঙি দিছে৷ গতিকে এয়া ষড়যন্ত্র নে দৰিদ্রতাৰ বাবে এই লোকসকল তালৈ গৈছে, নে ইয়াৰ আঁৰত কোনো ৰাজনীতি কৰা মানুহ আছে এই কথাবোৰৰ তদন্ত কৰিব লাগে আৰু এই বিষয়বোৰ দূৰলৈ গৈ আমি চাব লাগে৷

নদীভঙা লোক বুলি কৈ একাংশই চলোৱা বেদখল সন্দর্ভতো মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰে যে নদীভঙা লোক হয় যদি তেওঁলোকে যি জিলাত নদীয়ে ভাঙিছে সেই জিলাত চৰকাৰী ভূমি বিচাৰিব লাগে, লখিমপুৰ কিয় যাব লাগে? নদীভঙা লোকসকলে যদি ভূমিহীন বুলি জিলা উপায়ুক্তক আবেদন দিয়ে তেন্তে তেওঁলোকক চৰত বহুৱাই দিব পাৰি৷ চৰত হাজাৰ হাজাৰ বিঘা মাটি মাতব্বৰে লৈ আছে৷ কোনোবা যদি ভূমিহীন লোক আছে আৰু তেওঁ যদি প্রমাণ কৰে যে জিলাখনত তেওঁ ১৯৭১ চনৰ আগৰে পৰা আছে তেন্তে চৰকাৰে তেওঁক চৰতে মাটি দি দিব৷ আমাৰ সমস্যাটো হ’ল ২০০–৩০০ কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত তেওঁলোক সোমাই যায়৷ ইয়াৰ ফলত আমাৰ লোকসকলো নিৰাপত্তাহীনতাত ভুগিবলৈ আৰম্ভ কৰে৷ সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল উচ্ছেদ নহয়, উচ্ছেদৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰিব বিচৰা এটা নিশ্চিতভাৱে ষড়যন্ত্রও লুকাই আছে৷ মুখ্যমন্ত্রীয়ে কালি ইয়াকো স্পষ্ট কৰে যে মিছন বসুন্ধৰা–৩ শেষ হৈ যোৱাৰ পাছত ৰাজ্যত ভূমিহীন খিলঞ্জীয়া লোক নাথাকিব৷

You might also like