নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–গুজৰাটত চিপছ নির্মাণ কৰিব জার্মানীৰ কোম্পানীয়ে

🔹 টাটা ইলেকট্ৰ’নিকছৰে বুজাবুজি চুক্তি স্বাক্ষৰ ৰবার্ট ব’চৰ

নিউজ ডেস্ক, ২০ জুলাই : ভাৰতৰ অর্ধপৰিবাহী প্রচেষ্টাক উদ্গনি যোগাই টাটা ইলেক্ট্র’নিকছে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে জার্মানীৰ আগশাৰীৰ প্রতিষ্ঠান ৰবার্ট ব’চ জিএমবিএইচৰে৷ অসম আৰু গুজৰাটত নির্মীয়মাণ অর্ধপৰিবাহী উদ্যোগৰ চিপছ পেকেজিং আৰু নির্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাক্ষৰিত এই বুজাবুজি চুক্তিয়ে ইলেক্ট্র’নিক উৎপাদন সেৱাৰ স্থানীয় প্রযুক্তিসমূহ অনুসৰণ কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ এই সন্দর্ভত টাটা ইলেকট্র’নিক্সৰ মুখ্য কার্যবাহী তথা পৰিচালন সঞ্চালক ৰন্ধিৰ ঠাকুৰে কয় যে এই অংশীদাৰিত্ব ভাৰতত এক সামগ্রিক অর্ধ পৰিবাহী আৰু ইলেক্ট্র’নিকছে পৰিস্থিতিতন্ত্র গঢ় দিয়াত আমাৰ প্রতিশ্রুতিৰ সৈতে সাদৃশ্য আছে৷ ইয়াৰ জৰিয়তে বিশ্বজুৰি ভাৰতত নির্মিত চিপছৰ বজাৰখন প্রসাৰ কৰাত সুবিধা হ’ব৷

উল্লেখ্য যে যোৱা জুন মাহত টাটা ইলেক্ট্র’নিকছে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ভাৰত ইলেক্ট্র’নিকছ লিমিটেডৰ সৈতেও বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল৷ য’ত ফেব্রিকেচন, আউটচ’ৰ্চ এছেম্বলি এণ্ড টেষ্ট আৰু চিপছ ডিজাইন সেৱাসমূহ সামৰি লোৱা হয়৷ ভাৰতৰ অর্ধপৰিবাহী উচ্চাকাংক্ষাসমূহ ৰাজহুৱা ব্যক্তিগত বৃহৎ বিনিয়োগৰ দ্বাৰা সমর্থিত৷ ২০২৪ চনৰ ফেব্রুৱাৰীত অসম আৰু গুজৰাট ইউনিট অন্তর্ভুক্ত কৰা চৰকাৰে চিপছ নির্মাণ প্লাণ্টৰ বাবে ১.২৬ ত্রিলিয়ন টকাৰ অনুমোদন জনাইছিল৷ টাটা ইলেক্ট্র’নিকছে অসমত ২৭,০০০ কোটি টকা আৰু গুজৰাটত ৯১ হেজাৰ কোটি টকাৰ প্রকল্পৰ কাম আৰম্ভ কৰিছে৷ ব’চ আৰু টাটাৰ এই চুক্তিয়ে ভাৰতৰ সম্ভাৱনাপূর্ণ অর্ধপৰিবাহী মূল্য শৃংখলক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে৷

 

You might also like