🔹 সোণাপুৰৰ চিন্তন বৈঠকত বিধানসভা–বিটিচি নির্বাচনৰ ৰণকৌশল
বিশেষ বার্তা, ২০ জুলাই : বিৰোধী শিবিৰ নিস্তেজ হৈ থকাৰ বিপৰীতে সমাগত বিধানসভা নির্বাচনৰ বাবে পূর্ণোদ্যমে প্রস্তুতি অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিয়ে৷ শাসকীয় মিত্রজোঁট নেতৃত্বাধীন দলটোৰ লক্ষ্য– পূর্বতকৈ অধিক আসনত জয়ী হৈ দিছপুৰ দখল কৰা৷ এই উদ্দেশ্যে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্রাৰম্ভিক ৰণকৌশল চূড়ান্ত কৰিছে৷ ১৯ জুলাইৰে পৰা সোণাপুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত চিন্তন বৈঠকত বিধানসভা নির্বাচনৰ সকলো দিশ পর্যালোচনা কৰা হয়৷ এক কথাত ক’বলৈ গ’লে, এই চিন্তন বৈঠকতে বিধানসভাৰ সমান্তৰালভাৱে সন্মুখত থকা বিটিচি নির্বাচনৰো প্রাৰম্ভিক ৰণকৌশল ৰাজ্যিক বিজেপিয়ে চূড়ান্ত কৰে৷
দলৰ এক সূত্রই জানিবলৈ দিয়া মতে, ২০২১ চনৰ তুলনাত অহা ২০২৬ চনত অনুষ্ঠিতব্য বিধানসভা নির্বাচনত যাতে অধিক আসন হস্তগত কৰিব পাৰে, সেইটোৱেই হৈছে ৰাজ্যিক বিজেপিৰ প্রধান লক্ষ্য৷ এই উদ্দেশ্যে চিন্তন বৈঠকত ২০২৬ চনৰ ভোটযুদ্ধৰ বাবে দলটোৱে ‘মিছন–১০০’ স্থিৰ কৰিছে৷ অর্থাৎ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১০০টাকেই টার্গেট কৰি লৈছে শাসকীয় দলটোৱে৷ চিন্তন বৈঠকত এই ‘মিছন–১০০’ক লৈ পুংখানুপুংখভাৱে আলোচনা কৰা হয়৷ বিশেষকৈ ইয়াক কার্যকৰী কৰিবৰ কাৰণে দলৰ মন্ত্রী–বিধায়ক–সাংসদসকল কিদৰে আগবাঢ়িব লাগিব, সেই বিষয়ে চিন্তন বৈঠকখনত পর্যালোচনা কৰাৰ কথা সদৰী কৰে সূত্রটোৱে৷ তদুপৰি চিন্তন বৈঠকত দলৰ দখলত থকা প্রতিটো সমষ্টিৰ মন্ত্রী–বিধায়কৰ কাম–কাজৰ ওপৰতো পর্যালোচনা কৰা হয়৷ যিসকল মন্ত্রী–বিধায়ক জনসম্পর্কহীন তথা চৰকাৰী জনকল্যাণমূলক আঁচনি ৰূপায়ণত ব্যর্থ হৈছে, সমাগত বিধানসভা নির্বাচনত তেওঁলোকে পুনৰ প্রার্থিত্ব লাভ কৰাৰ বিষয়টোৱেও গুৰুত্বসহকাৰে পর্যালোচনা বৈঠকত স্থান লাভ কৰে বুলি সূত্রটোত প্রকাশ৷
মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সকলো দলীয় বিধায়কে পুনৰ টিকট নোপোৱাৰ ইতিমধ্যে স্পষ্ট ইংগিত দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগত সংবাদ মাধ্যমৰ আগত কালি কয় যে সকলো বিধায়কে টিকট পাব নোৱাৰে৷ নতুন মুখ অহাৰ ৰাস্তাও বন্ধ নহয়৷ সেইদৰে ইতিপূর্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছিল যে টিকটৰ ক্ষেত্রত বিজেপিয়ে মুখলৈ নাচায়, কামলৈহে চাব৷ ভাল কাম কৰা বিধায়ক বিপদমুক্ত৷ গণ্ডগোলীয়া বিধায়কৰ টিকট কর্তন হ’ব৷
উল্লেখ্য যে চিন্তন বৈঠকৰ পূর্বে যোৱা ১৮ জুলাইত দিছপুৰত মুখ্যমন্ত্রী ড০ শর্মাৰ অধ্যক্ষতাত তথা মন্ত্রী–বিধায়কৰ উপস্থিতিত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই ২২জন বিধায়কৰ কামৰ খতিয়ান তথা ৰিপ’ৰ্ট কার্ড অতি দুর্বলৰূপে চিহ্ণিত হোৱাৰ লগতে জনসম্পর্ক নথকাৰ বিষয়টো স্পষ্ট কৰি দিছিল৷ লগতে একাংশ বিধায়কৰ ব্যক্তিগত সহায়কে কৰা বেয়া কামৰ বাবে তেওঁলোকৰ তথা দলৰ বদনাম হোৱা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷ কার্যতঃ ইয়াৰ পিছতে এই ২২ মন্ত্রী–বিধায়কৰ টিকট আগন্তুক বিধানসভা নির্বাচনত কর্তন হোৱাক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক চর্চা লাভ কৰে৷
ইফালে, কালি ২.৩০ বজাত সামৰণি পৰা চিন্তন বৈঠকখন সন্দর্ভত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁ জানিবলৈ দিয়া মতে, সমাগত ২০২৬ চনৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি দুদিনীয়া চিন্তন বৈঠকখনত অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়৷ উপাধ্যায়ে কয় যে সমাগত বিধানসভা নির্বাচনত পূর্বতকৈ অধিক আসন তথা ভোট কেনেকৈ লাভ কৰিব পাৰোঁ, তাৰ ওপৰত পর্যালোচনা কৰা হৈছে৷ প্রতিটো জাতি-জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্রত বিগত সময়ছোৱাত দলটোৱে যেনেদৰে কাম কৰি আছে তেনেদৰে যাতে আমি কাম কৰি যাব পাৰোঁ৷ অসমৰ খিলঞ্জীয়া আৰু ভাৰতীয় লোকৰ পৰিচয় ৰক্ষাৰ বাবে থকা কার্যপন্থাৰ লগতে অসমৰ সভ্যতা–সংস্কৃতি অটুট ৰখাক লৈও আলোচনা কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি, সমাগত বিধানসভা নির্বাচনত দলৰ ‘মিছন–১০০’ সাকাৰ কৰাৰ হকে সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে চিন্তন বৈঠকে৷ মূলতঃ চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ বিধানসভা তথা বিটিচি নির্বাচনৰ পূর্বে ৰাইজৰ কাষ চপাই নিবলৈ মন্ত্রী–বিধায়ক–সাংসদ-দলীয় নেতাক নির্দেশ দিয়া হৈছে৷
মন কৰিবলগীয়া যে চিন্তন বৈঠকৰ পূর্বে বিটিচি নির্বাচন সন্দর্ভত প্রতিটো পৰিষদীয় সমষ্টিৰ তত্ত্বাৱধায়কসকলৰ সৈতে বিটিআৰৰ বিভিন্ন দিশ সন্দর্ভত ইতিমধ্যে পুংখানুপুংখভাৱে আলোচনাত মিলিত হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব৷ ৩৫ লাখ বিটিআৰবাসীৰ সেৱার্থে সংগঠন সুদৃঢ় কৰি অনাগত বিটিচি নির্বাচনত বিজেপিয়ে শক্তিশালীভাৱে প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে৷ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এই সন্দর্ভত আনুষ্ঠানিকভাৱে সদৰী কৰা অনুসৰি সমাগত বিটিচি নির্বাচনৰ বাবে বিটিআৰৰ অন্তর্গত প্রতিখন জিলাৰ প্রতিটো মণ্ডলৰ সভাপতিৰ লগতে তত্ত্বাৱধায়ক মর্চাসমূহৰ সভাপতি, কার্যবাহী সদস্য, পৰিষদীয় সদস্য আৰু কার্যকর্তাসকলক লগত লৈ দলে পৰিকল্পনা কৰিছে৷ বিটিচি নির্বাচনত কাকো শত্রুজ্ঞান নকৰাকৈ ৩৫ লাখ বিটিআৰবাসীৰ কল্যাণৰ হকে ২৬টা জনগোষ্ঠীৰ সমধিকাৰ আৰু সমন্যায়ৰ বাবে অৱতীর্ণ হোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷
ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই স্থায়ী শান্তি প্রতিষ্ঠাৰ লক্ষ্যৰে ‘মিছন বিটিআৰ’ৰ বাবে নিজৰ নিজৰ বুথসমূহ শক্তিশালী কৰি সাংগঠনিক ভেটি মজবুত কৰিবলৈ সকলো কার্যকর্তাকে আহ্বান জনায়৷ স্মর্তব্য যে দুদিনীয়া চিন্তন বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্রভাৰী হৰিশ দ্বিবেদী, ৰাষ্ট্রীয় মুখপাত্র তথা উত্তৰ–পূর্বাঞ্চলৰ সমন্বয়ক ডাঃ সম্বিত পাত্র, জ্যেষ্ঠ নেতা ভি মুৰুলীধৰণ, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্র ৰাজু প্রমুখ্যে দলৰ জ্যেষ্ঠ কার্যকর্তাসকল উপস্থিত আছিল৷