নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাপমাত্রা বৃদ্ধিত উদ্বিগ্ন বিজ্ঞানী

পৃথিৱীৰ তাপমাত্রা বৃদ্ধিয়ে উদ্বিগ্ণ কৰি তুলিছে বিজ্ঞানী মহলক৷ অভাৱনীয় হাৰত বিশ্বৰ প্রতিটো প্রান্তে প্রান্তে তাপমাত্রা বৃদ্ধিয়ে আমি বাস কৰা গ্রহটোৰ অস্তিত্বৰ প্রতিও অশনি সংকেত নমাই আনিছে৷ উত্তৰ গোলার্ধৰ পৰা দক্ষিণ গোলার্ধলৈকে দেশসমূহত তাপপ্রবাহে মানৱৰ স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে৷ জলবায়ু পৰিৱর্তনৰ বাবে প্রধানতঃ অস্বাভাৱিক হাৰত তাপমাত্রা বৃদ্ধি হৈছে৷ ইয়াৰ বাবেই পূর্বতে তাপপ্রবাহৰ কবলত নপৰা অনেক দেশ এতিয়া প্রচণ্ড তাপপ্রবাহৰ কবলত পৰিছে৷ তীব্র আৰু বর্ধিত তাপপ্রবাহে প্রকৃতিৰ পাৰিপার্শ্বিকতাৰ প্রতি ভাবুকি অনাৰ সমান্তৰালকৈ মানৱ সম্পদৰো বিঘিনি ঘটাইছে৷ চলিত বর্ষত মার্চ মাহত তাপমাত্রা আৰু তাপপ্রবাহে পূর্বৰ সকলো অভিলেখ ভংগ কৰাৰ পিছত জুন–জুলাই, আগষ্ট মাহতো প্রচণ্ড তাপপ্রবাহৰ ধাৰা অব্যাহত ৰাখিছে৷ ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, মধ্য প্রাচ্য আৰু এছিয়াৰ দেশসমূহত বর্ধিত তাপপ্রবাহে মানৱ সম্পদৰ হানি ঘটোৱাৰ লগতে প্রকৃতিৰ ওপৰতো প্রচণ্ড নেতিবাচক প্রভাৱ পেলাইছে৷ ইউৰোপ, উত্তৰ আমেৰিকা, মধ্য প্রাচ্য আৰু এছিয়াত পূর্বৰ সকলো তাপমাত্রাৰ অভিলেখ ভংগ কৰি ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ তাৎপর্যপূর্ণভাৱে গ্রেট ব্রিটেইনত অভাৱনীয় হাৰত তাপমাত্রা বৃদ্ধি হৈ ইতিহাসত প্রথমবাৰৰ বাবে ৪০.৩ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ ইউৰোপ মহাদেশৰ বাকী দেশসমূহতো তাপমাত্রাই অভিলেখ গঢ়িছে৷ তেনেদৰে ভাৰততো তাপমাত্রাই নতুন অভিলেখ গঢ়িছে৷ ১৯০১ চনৰ পিছত ভাৰতত যোৱা মার্চ মাহটো সর্বোত্তম উষ্ণ মাহ হিচাপে বিবেচিত হৈছে৷ চুবুৰীয়া ৰাজ্য পাকিস্তানতো তাপমাত্রাই পূর্বৰ অভিলেখ ভংগ কৰিছে৷ চীনৰ কিছুসংখ্যক চহৰত তাপমাত্রাই জনতাৰ স্বাভাৱিক জীৱনত বিঘিনি ঘটাইছে৷ তেনেদৰে আমেৰিকা যুক্তৰাষ্ট্রত বিশেষকৈ দক্ষিণ আৰু মধ্য প্রদেশসমূহত প্রচণ্ড তাপপ্রবাহে জনগণৰ জীৱনযাত্রাত বিঘিনি ঘটাইছে৷ ৰাষ্ট্রসংঘ আন্তঃদেশীয় জলবায়ু পৰিৱর্তনৰ কমিটীয়ে প্রকাশ কৰা মতে, দশকটোত তাপমাত্রা বিশ্বৰ প্রতিখন দেশতে বৃদ্ধি পাব৷ বিজ্ঞানীসকলে আশংকা কৰা মতে, বর্ধিত তাপমাত্রাৰ বাবে বিশ্বত জলবায়ু পৰিৱর্তনত জৰুৰী অৱস্থা ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ জলবায়ু পৰিৱর্তনৰ ফলত তাপমাত্রা বৃদ্ধিয়ে এখন দেশৰ সকলো দিশত সংকট নমাই অনাৰ পূর্ণ সম্ভাৱনা প্রকট কৰিছে বুলিও আইপিচিচিৰ তথ্য প্রকাশ পাইছে৷ চলিত বর্ষত বতৰৰ অস্বাভাৱিক পৰিৱর্তনত তাপপ্রবাহ, খৰাং, বনজুই, বান আৰু অনিয়মীয়া মৌচুমীৰ প্রভাৱ পৰিছে৷
বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ প্রতিবেদন মতে বিগত ৫০ বছৰত প্রতিদিনে প্রাকৃতিক দুর্যোগৰ বাবে ১১৫জন লোকৰ মৃত্যু ঘটাৰ লগতে ২০২ নিযুত মার্কিন ডলাৰৰ ক্ষতি হৈছে৷ ডব্লিউ এম অ’ৰ প্রতিবেদন মতে ১৮৫০ চনৰ পিছত বতৰৰ তথ্য সংগ্রহৰ প্রতিবেদন অনুসৰি ২০২২ চনৰ জুন মাহটো দ্বিতীয় সর্বোত্তম তাপমাত্রাৰ মাহ৷ বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডকে ধৰি প্রদূষিত কণিকাৰ মাত্রা বৃদ্ধি পোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে৷ ইয়াৰ ওপৰত জলবায়ু পৰিৱর্তন হৈ পৃথিৱীৰ লগতে মানৱ জাতিৰ বাবে প্রত্যাহ্বান আহি পৰিছে৷ ৰাষ্ট্রসংঘৰ পেৰিছ জলবায়ু চুক্তি অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধি ২ ডিগ্রী চেলছিয়াছৰ অধীনত ৰখা কিম্বা ১.৫ ডিগ্রী চেলছিয়াছতকৈ বৃদ্ধি নোহোৱাকৈ ৰাখিবলৈ বিশ্বৰ দেশসমূহে পণ লৈছে যদিও এতিয়ালৈকে এই চুক্তি অনুসৰি প্রধানতঃ কয়লাসহ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰা নাই৷ পেৰিছ চুক্তিৰ পিছত গ্লাছগোত আন এক জলবায়ু চুক্তিৰ জৰিয়তে গোলকীয় উষ্ণতাৰ বৃদ্ধি নিয়ন্ত্রণ আৰু জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰিবলৈ দেশসমূহে পণ ল’লেও সেয়া এতিয়াও কার্যকৰী হোৱা নাই৷ ২০২২ চনৰ আৰম্ভৰে পৰা বিশ্বজুৰি জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱৰ ফলত প্রাকৃতিক দুর্যোগৰ সংখ্যা বৃদ্ধি পোৱাটোৱে মানৱ জাতিৰ বাবে এক ভয়াৱহ ইংগিত হৈ উঠিছে৷ মন কৰিবলগীয়া যে আধুনিক বিশ্ব মানৱৰ সৃষ্ট কাৰকসমূহে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা বৃদ্ধি কৰি থকাৰ পিছতো বিশ্ববাসীয়ে এইক্ষেত্রত যি সজাগতা আৰু সতর্কতা গ্রহণ কৰিব লাগিছিল সেয়া গ্রহণ কৰা নাই৷ ই পৃথিৱীবাসীৰ বাবে এক ভয়াৱহ অশনি সংকেত হৈ পৰিব৷ যদিহে শীঘ্রে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনক লৈ ৰাষ্ট্রসংঘৰ জলবায়ু চুক্তিক সঠিকভাৱে ৰূপায়ণ নকৰে৷

You might also like