নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

🔹 বন্ধুৰে মিলি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলাল স্বামী আব্দুল

বিশেষ বাৰ্তা, ২৫ জুলাই : নিশাৰ মহানগৰীত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। মহানগৰীৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৬ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা আব্দুল হাফিজ আৰু সুমিতা বেগমৰ পাৰিবাৰিক সংঘাতে যোৱানিশা মহানগৰীৰ মাজমজিয়াত চূড়ান্ত ৰূপ লয়। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দুয়োৰে মাজত সংঘাত হৈ আহিছিল।

পাৰিবাৰিক সংঘাতৰ বাবে বৃহস্পতিবাৰে নিশাও পত্নীক মাৰপিট কৰে আব্দুলে। মাৰপিটৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছিল মহিলাগৰাকীৰ মাতৃগৃহৰ লোক। উত্থাপিত অভিযোগ অনুসৰি পত্নীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত আব্দুল হাফিজে বন্ধুৰে মিলি পত্নীৰ পৰিয়ালক আক্ৰমণ কৰে। ঘটনাত ডেগাৰেৰে কৰা আক্ৰমণত আহত হয় তিনিজন লোক। দলবদ্ধ আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হয় নছিব আলী। পিছত নছিব আলীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।

বন্ধুৰ সৈতে মিলি পত্নীৰ পৰিয়ালক দলবদ্ধ আক্ৰমণ কৰি পলায়ন কৰে আব্দুলে। সচিবালয়ৰ এগৰাকী বিষয়াৰ গাড়ীচালক আব্দুল হাফিজ। অভিযুক্ত আব্দুল হাফিজৰ ঘৰ হাজোত।

You might also like