ইতিহাস ৰচি মহিলা বিশ্বকাপ দবাৰ ফাইনেলত দিব্যা
🔹 ছেমিফাইনেলত ১৯ বছৰীয়া দিব্যাই পৰাস্ত কৰে চীনৰ টান ঝংজীক
নিউজ ডেস্ক, ২৫ জুলাই : ভাৰতীয় দবাত ইতিহাস৷ মহিলা বিশ্বকাপ দবাৰ ফাইনেলত প্রৱেশ কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবাৰু হিচাপে ইতিহাস ৰচনা কৰে দিব্যা দেশমুখে৷ জর্জিয়াৰ বাটুমিত চলি থকা প্রতিযোগিতাখনৰ ছেমিফাইনেলত ১৯ বছৰীয়া দিব্যাই প্রাক্তন বিশ্ব চেম্পিয়ন তথা সম্প্রতি বিশ্বৰ চতুর্থ বাছনিৰ চীনৰ টান ঝংজীক পৰাস্ত কৰে৷
১৯ বছৰীয়া দিব্যাই ভাৰতৰ প্রথমগৰাকী মহিলা দবা খেলুৱৈ হিচাপে ফাইনেলত প্রৱেশ কৰি এক নজিৰ সৃষ্টি কৰে৷ ছেমিফাইনেলৰ প্রথম লেগ ড্রৰে পৰিসমাপ্তি ঘটিছিল যদিও দ্বিতীয় লেগত জয়ী হোৱাৰ পিছত দিব্যাই মুঠ পইণ্ট হৈছিল ১.৫–০.৫৷ ভাৰতীয় দবাৰুগৰাকীয়ে আলাপিন চিচিলিয়ান ডিফেঞ্চ কৌশল প্রয়োগ কৰি চীনৰ প্রতিদ্বন্দ্বীগৰাকীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷
উল্লেখ্য যে প্রতিযোগিতাখনত দুর্দান্ত ফর্মত থকা দিব্যাই চতুর্থ ৰাউণ্ডত দ্বিতীয় বাছনিৰ চীনৰ ঝু জিনাৰক পৰাস্ত কৰাৰ বিপৰীতে কোৱার্টাৰ ফাইনেলত স্বদেশৰে সতীর্থ দ্রোণৱল্লী হৰিকাক পৰাস্ত কৰিছিল৷