স্নাতক উত্তীৰ্ণৰ বাবে সুযোগ! বেংক অৱ বাৰোদা-ত ২৫০০ পদত চাকৰি
বেংক অৱ বৰোদা-ত নিযুক্তিৰ সবিশেষ
সংস্থাৰ নাম : বেংক অৱ বৰোদা
পদৰ সংখ্যা : ২৫০০ টা পদ
আবেদনৰ অন্তিম তাৰিখ : ০৩/০৮/২০২৫
পদৰ নাম : লোকেল বেংক বিষয়া (Local Bank Officer – LBO)
ৱেবছাইট: bankofbaroda.in
নিযুক্তিৰ বিৱৰণ
বেংক অৱ বৰোদাই ভাৰতৰ বিভিন্ন শাখাত ২৫০০গৰাকী লোকেল বেংক বিষয়া (LBO) নিযুক্তিৰ বাবে নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা তথ্যসমূহ পৰীক্ষা কৰিব পাৰে। অসমত উপলব্ধ পদৰ সংখ্যা ৬৪টা।
শিক্ষাগত অৰ্হতা
-
যিকোনো স্বীকৃত বিশ্ববিদ্যালয়/সংস্থাৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ।
-
চাৰ্টাৰ্ড একাউণ্টেন্ট, কষ্ট একাউণ্টেন্ট, ইঞ্জিনীয়াৰিং বা মেডিকেল পেছাৰ ছাত্ৰসকলেও আবেদন কৰিব পাৰিব।
অভিজ্ঞতা
-
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বিতীয় তালিকাত থকা যিকোনো অনুসূচিত বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰাম্য বেংকৰ বিষয়া হিচাপে কমেও ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
-
NBFC, ক’অপাৰেটিভ বেংক, পেমেন্ট বেংক, স্মল ফাইনেঞ্চ বেংক বা ফিনটেকৰ অভিজ্ঞতা গ্ৰহণযোগ্য নহ’ব।
স্থানীয় ভাষাৰ প্ৰবলতা
-
যি ৰাজ্যৰ বাবে আবেদন কৰিব, সেই ৰাজ্যৰ স্থানীয় ভাষা (পঢ়া, লিখা, কোৱা আৰু বুজা) প্ৰবল হ’ব লাগিব।
-
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ইংৰাজী ভাষাও স্থানীয় ভাষা হিচাপে গ্ৰহণযোগ্য।
-
যদি প্ৰাৰ্থীয়ে দশম/দ্বাদশ শ্ৰেণীত আবেদন কৰা ৰাজ্যৰ স্থানীয় ভাষা বিষয় হিচাপে পঢ়া বুলি চাৰ্টিফিকেট দাঙি ধৰে, তেন্তে ভাষাগত দক্ষতা পৰীক্ষা লাগিব নালাগে।
বয়স সীমা (০১/০৭/২০২৫ অনুসৰি)
-
নূন্যতম : ২১ বছৰ
-
সর্বাধিক : ৩০ বছৰ
-
সংৰক্ষিত শ্ৰেণী অনুসৰি বয়সৰ ৰেহাই :
-
SC/ST : ৫ বছৰ
-
OBC (NCL) : ৩ বছৰ
-
PwBD: ১০ বছৰ
-
কেনেকৈ আবেদন কৰিব
-
বেংক অফ বৰোদাৰ ৱেবছাইটত ভিজিট কৰক – bankofbaroda.in
-
“Apply Now” লিংকত ক্লিক কৰক।
-
“New Registration” ত ক্লিক কৰি নিজ তথ্য দাখিল কৰক।
-
সফল পঞ্জীয়নৰ পাছত লগইন কৰক আৰু ফৰ্ম ভৰ্তি কৰক।
-
প্ৰয়োজনীয় নথিপত্র (পাছপ’ৰ্ট ফটো, চহী) আপল’ড কৰক।
-
নিৰ্দিষ্ট আবেদন মাচুল জমা দিয়ক।
-
আবেদনপত্ৰ জমা দিয়াৰ পাছত acknowledgment ৰিছিপ্ট ছেভ/প্ৰিন্ট কৰক।
আবেদন মাচুল
-
GEN/EWS/OBC : ৮৫০ + প্ৰযোজ্য কৰ + পেমেন্ট গেটৱে চাৰ্জ
-
SC/ST/PwBD/মহিলা : ১৭৫ + প্ৰযোজ্য কৰ + পেমেন্ট গেটৱে চাৰ্জ
Niyomiya Barta Desk, 25 July, 2025