🔹 অভিযন্তা যোষিকা দাস কাণ্ড
বিশেষ বার্তা, ২৬ জুলাই : সহকাৰী অভিযন্তা যোষিকা দাসৰ আত্ম*হ*ন*ন*ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে আর্কিটেকচাৰ দেৱজিত শর্মাই চাঞ্চল্যকৰ ভাষ্য প্রকাশ কৰিছে৷ যোষিকা দাসে চৰম পথ লোৱাৰ পূৰ্বে লিখা টোকাত নাম উল্লেখ কৰা দেৱজিত শর্মাক অভিযুক্ত দুই অভিযন্তাই অহৰহ হেঁচা দিয়াৰ কথা তেওঁ জানিবলৈ দিয়ে৷ কালি বঙাইগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰা আর্কিটেক দেৱজিত শর্মাই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, বর্ষণগাঁও নির্মীয়মাণ ষ্টেডিয়ামৰ কামক লৈ আমিনুল ইছলাম আৰু দীনেশ শর্মা মেধিয়ে তেওঁৰ ওপৰত অহৰহ হেঁচা দিছিল ৷ দুয়ো ৱর্কিং এষ্টিমেট বনোৱাৰ বাবে হেঁচা দি আহিছিল৷ কিন্তু দুই অভিযন্তাৰ মতে ৱর্কিং এষ্টিমেট দিয়াটো সম্ভৱপৰ নাছিল৷
উল্লেখ্য যে কালি সহকাৰী অভিযন্তা যোষিকা দাসৰ আত্ম*হ*ন*ন* গোচৰত বঙাইগাঁও আৰক্ষীয়ে দেৱজিত শর্মাক গ্রেপ্তাৰ কৰে৷ যোষিকা দাসৰ টোকাত উল্লেখ আছিল দেৱজিত শর্মাৰ নাম৷ Ms Asthetics creations নামৰ কনছালটেঞ্চী ফার্মখনৰ স্বত্বাধিকাৰী দেৱজিত শর্মা৷ কনছালটেঞ্চী ফার্মখনে আর্কিটেকচাৰ প্রস্তুত কৰাত অনিয়মৰ অভিযোগ কৰিছিল টোকাত৷
উল্লেখ্য যে গুৱাহাটীৰ গীতানগৰৰ পৰা বঙাহগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দেৱজিৎ শর্মাক৷ বঙাহগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰাৰ অন্তত বঙাহগাঁও আদালতত হাজিৰ কৰোৱা হয়৷ আদালতত নিয়াৰ সময়ত তদানীন্তন কার্যবাহী অভিযন্তা দীনেশ শর্মা মেধি আৰু এছডিঅ’ আমিনুল ইছলামে দেৱজিত শর্মাক হেঁচা দিয়াৰ অভিযোগ কৰে৷ শর্মাক আর্কিটেক কৰি জমা দিয়াৰ পাছত দুয়ো অভিযন্তাই working esteemed বিচাৰি হেঁচা দি আহিলেও তেওঁৰ পক্ষে এইটো সম্ভৱপৰ নাছিল বুলি জানিবলৈ দিছে ৷ তেওঁৰ আর্কিটেকত অনিয়ম নাই বুলিও কয় দেৱজিৎ শর্মাই ৷ দেৱজিত শর্মাৰ লগতে টোকাত নাম উল্লেখ থকা দুই অভিযন্তা দীনেশ শর্মা মেধি আৰু আমিনুল ইছলামক ইতিমধ্যে জে’ল–হাজোতলৈ প্রেৰণ কৰা হৈছে৷
ইফালে যোষিকা দাসৰ আত্ম*হ*ন*ন*ৰ উচিত তদন্তৰ দাবীত কালি বঙাইগাঁৱত কংগ্রেছে প্রতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও জিলা কংগ্রেছৰ উদ্যোগত ৰাজীৱ ভৱনৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে লোকনির্মাণ বিভাগত সংঘটিত দুর্নীতিৰ তদন্তৰ দাবী জনাই তীব্র প্রতিবাদ সাব্যস্ত কৰে৷