চীনৰ ‘জলবোমা’ৰ প্রত্যুত্তৰত ভাৰতৰ বিশাল বান্ধ
🔹 ১১ হাজাৰ মেগাৱাটৰ চিয়াং প্রকল্প নির্মাণৰ যুদ্ধংদেহি তৎপৰতা
নিউজ ডেস্ক, ২৮ জুলাই : অসমসহ উত্তৰ–পূর্বাঞ্চলবাসীক আতংকিত কৰি অৰুণাচল প্রদেশ সংলগ্ন আন্তর্জাতিক সীমান্তৰ সমীপৱর্তী তিব্বতত আগ্রাসী ৰঙা চীনে নির্মাণ কৰিবলৈ লোৱা ‘জলবোমা’ক সমুচিত প্রত্যুত্তৰ দিয়াৰ ৰণকৌশল নির্ধাৰণ কৰিছে ভাৰতে৷ ইয়াৰ অংশস্বৰূপে ইতিপূর্বে পৰিকল্পনা কৰা চিয়াং উজনি বহুমুখী প্রকল্পক বাস্তৱ ৰূপ দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে যুদ্ধংদেহি তৎপৰতা আৰম্ভ কৰিছে৷ চিয়াং (অৰুণাচল প্রদেশত ব্রহ্মপুত্রৰ নাম) নৈৰ ওপৰত নির্মাণ হ’বলগীয়া বছৰি ১১ হাজাৰ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম বৃহৎ নদীবান্ধটোৰ বাবে প্রাৰম্ভিকভাৱে নির্মাণ ব্যয় ধার্য কৰা হৈছে ১,৫০,০০০ কোটি টকা৷ সাধৰণ দৃষ্টিত এই প্রকল্পটোৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন তথা বান নিয়ন্ত্রণ–জলসিঞ্চনকে ধৰি কেতবোৰ বহুমুখী কার্যকলাপৰ বাবে পৰিকল্পনা কৰিলেও কৌশলগতভাৱে ই যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷
প্রধানতঃ ভাৰত ভূমিত বাৰম্বাৰ আগ্রাসন চলাই অহা চীনে তিব্বতৰ নিয়িংচিত নির্মাণকার্য চলাই থকা বছৰি ৩০ হাজাৰ কোটি কিলোৱাট বিদ্যুৎ উৎপাদনক্ষম বিশ্বৰ সর্ববৃহৎ নদীবান্ধ য়াৰলুং চাংপো নদী ল’ৱাৰ ৰিচ জলবিদ্যুৎ প্রকল্পক নতুন দিল্লীয়ে ইয়াৰ দ্বাৰা প্রত্যাহ্বান জনাব বিচাৰিছে৷ উল্লেখৰ নিষ্প্রয়োজন যে য়াৰলুং চাংপো (তিব্বতত ব্রহ্মপুত্রৰ নাম)ৰ উজনি অংশত ড্রেগনৰ দেশে ১৬,৭৮০ কোটি মার্কিন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১২ লাখ কোটি টকা ব্যয়েৰে ইতিমধ্যে নির্মাণকার্য আৰম্ভ কৰিছে বিশ্বৰ সর্ববৃহৎ নদীবান্ধটো৷ যোৱা ১৯ জুলাইত চীনৰ প্রধানমন্ত্রী লি কিয়াঙে দৈত্যকায় বান্ধটোৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে অসমসহ উত্তৰ–পূর্বাঞ্চলৰ নদীমাতৃক সভ্যতা বিপন্ন হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ বিশেষকৈ বিশ্বৰ সর্ববৃহৎ নদীবান্ধটো নির্মাণ হোৱাৰ পাছত কেতিয়াবা যদি হঠাতে চীনে পানী এৰি দিয়ে, তেন্তে নামনি অংশত থকা চিয়াং তথা ব্রহ্মপুত্রৰ জলপৃষ্ঠ সাংঘাতিক ধৰণে ওফন্দি উঠিব৷ সেইদৰে জলপ্রৱাহৰ গতিত বাধা দিলে উত্তৰ–পূর্বাঞ্চলৰ জীৱনৰেখাস্বৰূপ চিয়াং তথা ব্রহ্মপুত্রৰ জলপৃষ্ঠ হৈ পৰিব মুৰুভূমিসদৃশ৷ ইয়াৰ বাদেও কেতবোৰ ভূ–তাত্ত্বিক সমস্যাৰ সৃষ্টি হোৱাৰো সম্ভাৱনা বিশেষজ্ঞসকলে ব্যক্ত কৰিছে৷
বিশেষকৈ চীনে বিশ্বৰ সর্ববৃহৎ নদীবান্ধটো যি স্থানত নির্মাণ কৰি আছে সেয়া অতি ভূ-কম্পপ্রৱণ৷ কেতিয়াবা যদি উচ্চ প্রাবল্যৰ ভূমিকম্পই প্রলয়ংকৰী বান আৰু ভূমিস্খলনৰ সৃষ্টি কৰে, তেন্তে নামনি অংশত মহাপ্রলয়ৰ সূচনা হ’ব৷ ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হ’ব লাগিব অসম আৰু অৰুণাচল প্রদেশ৷ এনে অৱস্থাত চিয়াং উজনি বহুমুখী প্রকল্পৰ দ্বাৰা চীনৰ সম্ভাব্য ষড়যন্ত্র বিফল কৰাৰ ৰণকৌশল নির্ধাৰণ কৰা হৈছে৷ প্রকাশিত বাতৰি অনুসৰি, চিয়াং উজনি বহুমুখী প্রকল্পটোৰ বান্ধৰ উচ্চতা হ’ব ২৬৭ মিটাৰ৷ য’ত ৯.২ বিলিয়ন কিউবিক মিটাৰৰ পানী বহনক্ষম জলাধাৰ থাকিব৷ যাতে উজনি অংশৰ পৰা চীনে পানী এৰি দিলেও তাক ধৰি ৰাখিব পৰা যায়৷ এক কথাত ক’বলৈ গ’লে, এই বৃহৎ নদীবান্ধটো হ’ব চীনৰ প্রতি ভাৰতৰ প্রত্যক্ষ প্রত্যুত্তৰ৷ অৱশ্যে চুবুৰীয়া ৰাষ্ট্রখনৰ চৰকাৰী নির্মাণ সংস্থা ‘চীনা য়াজিয়াং গ্রুপ’–এ য়াৰলুং চাংপোক নদী ল’ৱাৰ ৰিচ জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য চলাই থকাৰ বিপৰীতে ভাৰতৰ চিয়াং উজনি বহুমুখী প্রকল্পটো সম্প্রতি প্রাক্ সম্ভাৱনীয়তা অধ্যয়ন পর্যায়তে সীমাবদ্ধ আছে৷ তদুপৰি ইয়াৰ বিৰুদ্ধে প্রকল্পস্থলী সংলগ্ন এলেকাত ইতিমধ্যে গঢ় লৈ উঠিছে ব্যাপক জনমত৷ অকল সেয়াই নহয়, শেহতীয়াকৈ স্থানীয় গঞা ৰাইজে তীব্র প্রতিবাদো সাব্যস্ত কৰিছে৷ স্থানীয় জনসাধাৰণৰ অভিযোগ– চিয়াং জিলাৰ বেগিং গাঁৱত নির্মাণ হ’বলগীয়া বৃহৎ নদীবান্ধটোৱে ৰাইজক ক্ষতিগ্রস্ত কৰাৰ সমান্তৰালভাৱে পৰিৱেশ, জৈৱ–বৈচিত্র্য আদিলৈও ভাবুকি কঢ়িয়াই আনিব৷
শেহতীয়াকৈ যোৱা ২১ মে’ত নির্মাণকাৰী প্রতিষ্ঠান এনএইচপিচিয়ে প্রাক্ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে ড্রিলিং ৰিগ আৰু অন্যান্য যন্ত্রপাতিসহ প্রকল্পস্থলীত উপস্থিত হৈছিল যদিও চিয়াঙৰ সিটো পাৰৰ পাৰঙত তীব্র প্রতিবাদ সাব্যস্ত হয়৷ আনকি প্রতিবাদকাৰীসকলে সমদল কৰি বেগিং গাঁৱত উপস্থিত হৈ ড্রিলিং ৰিগ আৰু যন্ত্রপাতিৰ ক্ষতিসাধন কৰাৰ লগতে বহিঃবিশ্বৰে যোগাযোগৰ একমাত্র যোগসূত্র ওলোমা দলংখনো কাটি দিয়ে৷ এনে অৱস্থাত এনএইচপিচিয়ে প্রাক্ সম্ভাৱনীয়তা অধ্যয়ন সাময়িকভাৱে স্থগিত ৰখাৰ লগতে অভিযন্তাসকলক প্রকল্পস্থলীৰ পৰা পাচিঘাটলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হয়৷ প্রকাশিত বাতৰি অনুসৰি, স্থানীয় জনসাধাৰণৰ প্রতিবাদৰ বাবে প্রকল্পটোৰ সম্পূর্ণ মূল্যায়ন সম্প্রতি স্থবিৰ হৈ ৰৈছে৷ এই বৃহৎ নদীবান্ধটো নির্মাণ হ’লে ইয়াৰ আশে–পাশে থকা ৫৯খন গাঁও ক্ষতিগ্রস্ত হ’ব৷ ইয়াৰে কমেও ১৫খন গাঁৱৰ ৰাইজক সম্পূর্ণভাৱে অন্য ঠাইলৈ স্থানান্তৰ কৰিব লাগিব৷ বর্তমানলৈকে তিনিখন গাঁও ক্রমে পাংকং, ৰিগা আৰু ৰিউৰ বাসিন্দাসকলেহে বৃহৎ নদীবান্ধটোৰ নির্মাণৰ ক্ষেত্রত ইতিবাচক সঁহাৰি জনাইছে৷ এনে প্রেক্ষাপটত চীনৰ ‘জলবোমা’ক প্রত্যুত্তৰ দিয়াৰ ৰণকৌশল বাস্তৱায়িত কৰিবলৈ হ’লে বাকী গাঁওসমূহৰ জনসাধাৰণকো এইক্ষেত্রত সন্মত কৰাটো আৱশ্যক হ’ব৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰ তথা এনএইচপিচিয়ে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া হ’ব লক্ষণীয়৷ কিন্তু চীনে নির্মাণ কৰি থকা বিশ্বৰ সর্ববৃহৎ নদীবান্ধটোৱে যাতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ নদীমাতৃক সভ্যতাৰ জীৱনৰেখা ব্রহ্মপুত্রক সংকুচিত তথা বিপদাপন্ন কৰিব নোৱাৰে, তাৰ বাবে চিয়াং উজনি বহুমুখী প্রকল্প ৰূপায়ণ কৰাটো গুৰুত্বপূর্ণ হ’ব বুলি একাংশ বিশেষজ্ঞই মত ব্যক্ত কৰিছে৷