ড০ কুলধৰ শইকীয়াৰ ইতিহাসত চকৰীফেটী মঞ্চস্থ
চকৰীফেটী মঞ্চস্থ : ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱা নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সাৰ্বজনীন কেন্দ্ৰৰ সহযোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট নাট্যকাৰ ড০কুলধৰ শইকীয়া ৰচিত আৰু বোলছবি পৰিচালক উপকুল বৰদলৈ পৰিচালিত অসম বুৰঞ্জীৰ আধাৰত ৰচিত নাটক ইতিহাসত চকৰীফেটী যোৱা ২৬ জুলাই তাৰিখে নুমলীগড় শোধনাগাৰ কুন্জকাননৰ সাৰ্বজনীন কেন্দ্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়।
শোধনাগাৰৰ কাৰিকৰী সঞ্চালক গিৰীশ কুমাৰ বৰাই এগছি বন্তি জ্বলাই শুভাৰম্ভ কৰা এই নাট্য সন্ধিয়াৰ প্ৰাক মুহূৰ্তত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক ড০কুলধৰ শইকীয়া, বিশিষ্ট পৰিচালক উপকুল বৰদলৈ, বিশিষ্ট লেখিকা লীনা শৰ্মা, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আৰণ্যক শইকীয়াক নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা বিপুল ভাৱে আদৰণি জনোৱা হয়।
শাখাৰ সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই আঁত ধৰা আৰু সভাপতি ড০ কাজল শইকীয়াই সকলোকে শলাগ জ্ঞাপন কৰা এই নাটকত অভিনয় কৰা শিল্পী নৱ কুমাৰ বৰুৱা, পৱন মহন্ত, মন্টু শইকীয়া, বসন্ত শইকীয়া, সুদীপ্ত ভৰালী, মন্টু গগৈ, পল্লৱ বৰুৱা, অমৃত প্ৰান, মণি বৰদলৈ, পল্লবী ফুকন আদিক শাখা সাহিত্য সভাৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়।
বিশেষ বাৰ্তা, বোকাখাত, 28 July, 2025