সামাজিক তথা অৰ্থনৈতিক ক্ষেত্ৰত অসমে অৰ্জন কৰা সফলতাৰ কথা ড০ হিমন্ত বিশ্ব শৰ্মা-ই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত সবিশেষ ব্যক্ত কৰে।
সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালায়ত দুপৰীয়াৰ ভাগত হোৱা আলোচনাকালত মুখ্যমন্ত্ৰীয়ে জনায় যে সামাজিক আৰু আৰ্থনৈতিক সূচকসমূহত অসমে শেহতীয়াকৈ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বিশেষকৈ ৰাজ্যৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে পৰা ৰাজ্যৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা হৈছে।
মন কৰিব লগীয়া যে চলিত বছৰৰ ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিব। মূলত সুধাকণ্ঠ ভূপেন হাজাৰিকাৰ জন্ম শতবৰ্ষ উদযাপনী অনুষ্ঠানৰত নৰেন্দ্ৰ মোদীয়ে অংশ গ্ৰহণ কৰিব যদিও গোলাঘাটৰ নুমলীগড়ত স্থাপন কৰিব লগীয়া দেশৰ প্ৰথম বায়ো-ইথানল প্লেন্টৰো তেওঁ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনী অনুষ্ঠানৰো শুভাৰম্ভ কৰাৰ কথা।
উক্ত দিনটোৰ বাবে অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কথাও মুখ্যমন্ত্ৰীজনে প্ৰদানমন্ত্ৰীক অবগত কৰে। পাছত নিজৰ ‘এক্স’ পৃষ্ঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা সাক্ষাত প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে– ‘আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। অসমৰ সামাজিক-আৰ্থিক সূচকসমূহত হোৱা উল্লেখযোগ্য অগ্ৰগতি আৰু পূৰ্ণগতিত ৰূপায়ণ কৰি থকা মুখ্য কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে তেওঁক অৱগত কৰোঁ। অসমৰ জনগণে ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীক স্বাগত জনাবলৈ যে বৰ আগ্ৰহেৰে বাট চাই আছে সেই কথাও অবগত কৰিছো। এই দিনটো আমাৰ ৰাজ্যৰ উন্নয়ন যাত্ৰাত এক নতুন মাইলষ্ট’ন হ’ব।’
সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক এখন ফুলাম গামোচা আৰু স্মাৰকেৰে সন্মানিত কৰে।
বিশেষ বাৰ্তা, নতুন দিল্লী : 28 July, 2025