নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত, ভাঙিলে পাকঘৰ, আচবাব তহিলং

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত।

বনাঞ্চলৰ পৰা জনাঞ্চলত বিচৰণ কৰা বনৰীয়া হাতীৰ জাকৰ মাজৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চিতলমাৰীত।

গাঁওখনত প্ৰবেশ কৰা বনৰীয়া হাতীয়ে মাধৱ ছেত্ৰী নামৰ ব্যক্তিজনৰ বাসগৃহত আক্ৰমণ চলাই।বনৰীয়া হাতীটোৱে লোকজনৰ পাকঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আচবাবো ভাঙি পেলাই।

বনৰীয়া হাতীৰ আক্ৰমণত কোনোমতে প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ। ইয়াৰোপৰি অঞ্চলটোত বনৰীয়া হাতীয়ে বহু কৃষকৰ খেতিখোলা নষ্ট কৰিছে।বনৰীয়া হাতীৰ ভয়ত এতিয়া বিনীন্দ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে।

বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ২৮ জুলাই

You might also like