শিক্ষা বিভাগৰ আজব কাণ্ড : নগাঁও জিলাৰ শিক্ষা বিভাগৰ কেতবোৰ আজৱ কান্ডই সকলোৰে চকু কপালত উঠাইছে। ইয়াৰ লগে লগে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি মুক্ত চৰকাৰৰ ফোপোলা স্বৰূপ পুনৰ নগাঁও জিলাৰ শিক্ষা বিভাগত সংঘটিত হোৱা এক ঘটনাই পোহৰলৈ আনিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মাইনুল হক নগাঁও সদৰ থানাৰ গোচৰ নং ৩৭৪/২০১২ ভাৰতীয় দন্ড বিধি আইনৰ অধীনস্থ ১২০(খ), ৩০২ ধাৰাত বিগত চাৰিমাহ আঠাইশ দিন ধৰি ন্যায়িক জিন্মাত নগাঁও বিশেষ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে ৷
চৰকাৰী চাকৰিয়াল এজন কাৰাৰুদ্ধ হ’লে আইন মতে চাকৰিৰ পৰাও বিভাগীয় ভাৱে নিলম্বিত হ’ব লাগে যদিওঁ মাইনুল হকৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতে জিলা শিক্ষা বিভাগে ১ মাৰ্চৰ পৰা আৰ্জিত ছুটী প্ৰদান কৰি অহাহে পৰিলক্ষিত হৈছে ৷
যাৰ ফলত বিদ্যালয়ৰ অধ্যক্ষই মাইনুল হকক ন্যায়িক জিন্মাত থকাৰ বিষয়ে জানিও প্ৰতি মাহে দৰমহা আদায় দি আহিছে ৷ তাৎপৰ্যপূৰ্ণ যে বিদ্যালয়খনৰ এজন শিক্ষক জেলত থকাৰ পিছতো ছুটীৰ জৰিয়তে এক দীঘলীয়া সময় নিলম্বনৰ পৰা বাচি থাকিবলৈ সক্ষম হোৱাতো সচেতন মহলৰ মতে বিদ্যালয়ৰখনৰ অধ্যক্ষকে আদি কৰি পৰিচালনা সমিতি,বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ গাফিলতি বুলি মত পোষণ কৰিছে ৷
একাংশ বিদ্বান সমাজে এইবুলি প্ৰশ্ন উত্থাপন কৰিছে যে জেল হেফাজতত থাকিও যিহেতু এক দীঘলীয়া ছুটী লৈ নিলম্বনৰ পৰা বাচি থাকিবলৈ সক্ষম হোৱাৰ আঁৰত বিভাগৰ একাংশ বৰমূৰীয়া নিশ্চয় জৰিত হৈ আছে ৷ সেয়েহে এই ক্ষেত্ৰত বিদ্বান সমাজে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷
বিশেষ বাৰ্তা, নগাঁও : ২৯ জুলাই