চৰকাৰী ভূমি বেদখল অশোক শৰ্মাৰ, মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰী
নলবাৰী সৰিয়হতলীত প্ৰাক্তন বিজেপি বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মাৰ বিৰুদ্ধে চৰকাৰী ভূমি বেদখল কৰা অভিযোগ উত্থাপন কৰি একাংশ সচেতন নাগৰিক আৰু বিজেপি কৰ্মীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
সৰিয়হতলীৰ এছ আৰ ডি কাৰ্যালয়ৰ সন্মুখত চৰকাৰী ভুমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ সচেতন নাগৰিক আৰু বিজেপি কৰ্মীয়ে ‘চাউল চোৰ অশোক শৰ্মা মুৰ্দাবাদ’, ‘অশোক শৰ্মা হায় হায়’, ‘বেদখলকাৰী অশোক শৰ্মা হুচিয়াৰ’, ‘বেদখলকাৰীক উচ্ছেদ কৰক’ আদি প্ৰতিবাদী ধ্বনি প্ৰদান কৰি অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে প্ৰতিবাদীস্থানৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অশোক শৰ্মাই বেদখল কৰা চৰকাৰী ভূমি উচ্ছেদ কৰাৰ বাবে দাবী জনাই । আজিৰ এই প্ৰতিবাদী কাৰ্য্যসুচীত সচেতন নাগৰিক কমল বৈশ্য, ধনেশ্বৰ বৈশ্য, সচেতন যুৱক গোকুল মহন্ত সহ অৰ্ধ শতাধিকৰো অধিক প্ৰতিবাদকাৰী উপস্থিত থাকে।
প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়– ২০২১ চনত মই বিজেপিৰ বিধায়ক হৈ থকা সময়ত সৰিয়হতলীৰ ১৩ বিঘা মাটি এটা মুছলমান পৰিয়ালৰ পৰা ক্ৰয় কৰা হৈছিল।মাটি ক্ৰয় কৰাৰ সময়ত যাৱতীয় দলিলকে ধৰি নথি পত্ৰও আছে।তেনে স্থলত চৰকাৰী ভূমি বেদখল কেনেকৈ হৱ পাৰে বুলিও প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰশ্ন কৰে। এই কথা সচেতন ৰাইজে বিচাৰ কৰিব বুলি প্ৰকাশ কৰে।
বিশেষ বাৰ্তা, নলবাৰী, ২৯ জুলাই