নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নন্দিনী কাশ্যপ -ক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ, চুক্তি বাতিল ‘ৰাজধানী’ৰ

'নন্দিনীয়ে যদি মোৰ ল'ৰাটোক ভাল চিকিৎসা কৰিলে হয় মোৰ ল'ৰাটো বাচি থাকিল হয়। মোৰ ল'ৰাটো ইমনদিন হস্পিতালৰ বিছনাতে পৰি থাকিল তেওঁ এদিনো খবৰ ল'বলৈ নাহিল। আমাৰ ল'ৰা যেনেকৈ নোহোৱা হৈ গ'ল। নন্দিনীকো ফাঁচি দিয়ক।'

অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল অভিনেত্ৰী নন্দিনী কাশ্যপ । ২৫ জুলাইৰ পুৱতিনিশা গুৱাহাটীত নিজে চলাই অহা গাড়ীৰে মহটিয়াই নিয়া নলবাৰীৰ ছামিউল নামৰ যুৱকজনৰ কালি আবেলি গুৱাহাটীৰ এপোলো হাস্পতালত মৃত্যুৰ পিছত আজি নন্দিনীত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। কালি ওৰেনিশা পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখাৰ পিছত আজি নন্দিনীক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। এই গ্ৰেপ্তাৰৰ বাবে ১০ বছৰ পৰ্যন্ত জেল হ’ব পাৰে নন্দিনী কাশ্যপৰ।

ইফালে মৃত ছামিউলৰ মাতৃৰ অভিযোগ-  ‘নন্দিনীয়ে যদি মোৰ ল’ৰাটোক ভাল চিকিৎসা কৰিলে হয় মোৰ ল’ৰাটো বাচি থাকিল হয়। মোৰ ল’ৰাটো ইমনদিন হস্পিতালৰ বিছনাতে পৰি থাকিল তেওঁ এদিনো খবৰ ল’বলৈ নাহিল। আমাৰ ল’ৰা যেনেকৈ নোহোৱা হৈ গ’ল। নন্দিনীকো ফাঁচি দিয়ক।’

আনফালে অভিনেত্ৰী নন্দিনীৰ বাহনৰ খুন্দাত মৃত্যু হোৱা ছামিউলৰ নলবাৰীৰ বাসগৃহত বৰ্তমানো শোকাকুল পৰিৱেশ বিৰাজ কৰি আছে।

ইফালে নন্দিনীৰ মাতৃৰ ভাষ্য-  আৰক্ষীয়ে সুৰক্ষাজনিত কাৰণত চিকিৎসালয়লৈ নাযাবলৈ নন্দিনীক পৰামৰ্শ দিছিল। ছামিউলৰ মৃত্যুৰ বাবে আমি বহুত দুখিত। আমি যুৱকজনক সহায় কৰিবও বিচাৰিছিলো। নন্দিনীৰ গাড়ীৰ নামত থকা ৫খন চালান নন্দিনীয়ে চলোৱা বাবে নহয়, ড্ৰাইভাৰে চলোৱা বাবে জৰিমনা হৈছিল। অমি আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পৰিয়ালটোৰ কাষলৈ যাম। সকলোপ্ৰকাৰৰ সহায় কৰিবলৈ এতিয়াও প্ৰস্তুত।’

ইফালে নন্দিনীক গ্ৰেপ্তাৰ কৰাৰ পিছত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজধানী থিয়েটাৰে নন্দিনীৰ সৈতে থকা সকলো চুক্তি বাতিল কৰিছে।

ভয়ানক দুর্ঘটনাত পতিত হৈ জীৱন–মৃত্যুৰে যুঁজি অৱশেষত ইহ সংসাৰৰ পৰা বিদায় মাগিলে নলবাৰীৰ যুৱক ছামিউল হকে৷ উল্লেখ্য যে যোৱা ২৫ জুলাইৰ পুৱতিনিশা প্রায় তিনি বজাত কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ ৰাজপথত অভিনেত্রী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল গুৱাহাটী পৌৰ নিগমৰ ঠিকাদাৰী প্রতিষ্ঠানৰ অধীনত কর্মৰত হৈ থকা ছামিউল হকে৷ গভীৰ নিশা মাতাল হৈ অহা অভিনেত্রী নন্দিনী কাশ্যপে এএছ–০১ এফএম–৯১৯৯ নম্বৰৰ বলেৰ’ বাহনখনেৰে অতি নির্মমভাৱে খুন্দিয়াইছিল নিৰীহ যুৱকজনক৷ পৰৱর্তী সময়ত চিচি টিভিৰ দৃশ্যাংশত প্রতিফলিত হৈ পৰিছিল অভিনেত্রীগৰাকীৰ বাহনে ছামিউলক খুন্দিওৱা ভয়ংকৰ দৃশ্য৷ অকল খুন্দিওৱাই নহয়, ছামিউলৰ দেহৰ ওপৰেৰে তীব্র বেগেৰে গাড়ী চলাই পলায়ন কৰিছিল অভিনেত্রীগৰাকী৷ ভয়াৱহ দুর্ঘটনাটোৰ পাছত গুৰুতৰভাৱে আঘাতপ্রাপ্ত ছামিউলৰ দুয়োখন ভৰিৰ হাড় কেইবাটুকুৰা হৈ পৰাৰ লগতে মূৰত পৰিছিল ২০টাৰে অধিক চিলাই৷ তদুপৰি যুৱকজন ৰাজহাড়ত আঘাতপ্রাপ্ত হোৱাৰ লগতে পেটত জমা হৈছিল তেজ৷ অতি সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ থকা ছামিউলক উন্নত চিকিৎসাৰ বাবে খ্রীষ্টানবস্তিৰ এপল’ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল৷ আইচিইউত ভেণ্টিলেটৰৰ সহায়ত চিকিৎসকে ছামিউলক সুস্থ কৰি তুলিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল৷ ছামিউলক তেজৰ প্রয়োজন হোৱাত বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমকে ধৰি কেইবাজনো সদস্যৰ লগতে আন বহু লোকে তেজ যোগান ধৰিছিল৷ কিন্তু শুভাকাংক্ষী তথা চিকিৎসকৰ সকলো প্রচেষ্টাৰ অন্ত পেলাই চিকিৎসাধীন অৱস্থাতে মেধাৱী যুৱকজনৰ মৃত্যু হয়৷ নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা ছামিউল হকে পলিটেকনিকৰ ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং বিভাগৰ তৃতীয় বর্ষত অধ্যয়ন কৰি আছিল৷ দিনত অধ্যয়ন কৰি নিশা বিভিন্ন ঠাইত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে পিতৃ–মাতৃকো ঘৰ চলাবলৈ সহায় কৰিছিল ছামিউলে৷ কিন্তু কালৰ কূটিল গতিত অকালতে এজনী অহংকাৰী অভিনেত্রীৰ অবিবেচক কাণ্ডৰ বাবেই আজি মেধাৱী ছাত্রজনৰ মৃত্যু হ’ল৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছত মৃত যুৱকজনৰ পৰিয়ালে উচিত ন্যায় বিচাৰি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ কিন্তু অভিনেত্রীৰ অভিনয়ত মোহিত হৈ পৰা দিছপুৰ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ গুৰুতৰ অভিযোগ সম্প্রতি পৰিয়ালে কৰিছে৷ কিয়নো ২৫ জুলাইতে সংঘটিত হোৱা ভয়ংকৰ ঘটনাটোৰ তিনি দিন উকলি যোৱাৰ পাছতহে দিছপুৰ আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে৷

সংবাদ মাধ্যমৰ তৎপৰতাৰ পাছত কালি অভিনেত্রীগৰাকীক কেইবাঘণ্টাজুৰি দিছপুৰ আৰক্ষীয়ে জেৰা চলাই ৰাইজক দেখুৱালেও পৰৱর্তী সময়ত অভিনেত্রীগৰাকীয়ে নিজেই উদঙাই দিলে দিছপুৰ আৰক্ষীৰ ফোঁপোলা স্বৰূপ৷ অভাৰ স্পীডত গাড়ী চলাই ইতিমধ্যে পৰিবহণ বিভাগৰ পৰা ৫খনকৈ চমন লাভ কৰাৰ পাছতো কালি অহংকাৰী অভিনেত্রী নন্দিনী কাশ্যপে সমস্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাটো দূৰৰেই কথা, ওলোটাই মিছা অভিযোগ লগোৱা বুলি সংবাদ মাধ্যমকহে দোষাৰোপ কৰে৷ তেওঁৰ মতে, ঘটনাৰ দিনা তেওঁৰ গাড়ীখন কোনো কাৰণতে হাইস্পীডত নাছিল৷ অথচ চিচি টিভিৰ দৃশ্যাংশত দুর্ঘটনাৰ সময়ত গাড়ীখন তীব্র বেগত যে আছিল সেয়া ইতিমধ্যে ওলাই পৰিছে৷ মেধাৱী যুৱকজনৰ মৃত্যুৰ পাছত এতিয়া দিছপুৰ আৰক্ষীৰ ভূমিকাক লৈও সর্বত্র চর্চা চলিছে৷ কালি আৰক্ষীৰ জেৰাৰ পাছত সংবাদ মাধ্যমৰ আগত নন্দিনী কাশ্যপে সদৰী কৰা মতে, ঘটনাৰ দিনা প্রথমে আৰক্ষীক তেওঁ এই বিষয়ে অৱগত কৰিছিল৷ কিন্তু কর্তব্যৰত আৰক্ষীয়ে তেওঁক লগে লগে থানাত অহাৰ সলনি পিছদিনাখনহে হাজিৰ হোৱাৰ বাবে কৈছিল৷ এইখিনিতে এটা কথা ৰহস্যৰ আৱর্তত আহি পৰিছে৷ তীব্র বেগত গাড়ী চলাই দুর্ঘটনা সংঘটিত কৰা অভিনেত্রী নন্দিনী কাশ্যপে উক্তনিশা সুৰাৰ ৰাগিত মাতাল হৈ আছিল নেকি? কিন্তু চেষ্টা কৰিলেও এই কথা এতিয়া পোহৰলৈ নাহে৷ কিয়নো দুর্ঘটনা সংঘটিত কৰাৰ পাছত সাধাৰণতে যদিহে দুর্ঘটনা ঘটোৱা লোকজনক আৰক্ষীয়ে লগে লগে কৰায়ত্ত কৰিবলৈ সক্ষম হয় তেন্তে উক্ত লোকজনৰ মেডিকেল কৰোৱা হয়৷ অৱশ্যে নন্দিনী কাশ্যপৰ ক্ষেত্রত আৰক্ষীয়ে আজিপর্যন্ত মেডিকেল কৰোৱা নাই৷ কি কাৰণত অভিনেত্রীগৰাকীক দিছপুৰ আৰক্ষীয়ে মেডিকেল নকৰালে, তাক লৈও বিভিন্ন মহলত প্রশ্ণ উত্থাপন হৈছে৷ ঘটনাটো সংঘটিত হোৱাৰ তিনি দিন পাছত আজিহে আৰক্ষীয়ে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ অকল সেয়াই নহয়, নন্দিনী কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি মৌখিকভাৱে দিছপুৰ আৰক্ষী থানাই জনাইছে যদিও আজিলৈকে সংবাদ মাধ্যমৰ আগত গোচৰ নম্বৰো দিছপুৰ আৰক্ষীয়ে দিবলৈ সক্ষম নহ’ল৷ থানাখনৰ সকলো আৰক্ষীয়ে বিষয়টোক লৈ গা এৰি চলাহে পৰিলক্ষিত হ’ল৷ যিয়েই নহওক, দুর্ভাগ্যজনকভাৱে অভিনেত্রী নন্দিনী কাশ্যপৰ তীব্রবেগী গাড়ীচালনাৰ বাবে সম্ভাৱনাময় এগৰাকী যুৱকৰ অকালতে মৃত্যু হ’ল৷ ভুক্তভোগী পৰিয়ালটোৱে আজিও ঘটনাটোৰ উপযুক্ত তদন্ত কৰি হিট এণ্ড ৰান আইনৰ অধীনত গোচৰ ৰুজু কৰি অহংকাৰী অভিনেত্রী নন্দিনী কাশ্যপক গ্রেপ্তাৰৰ দাবী তুলিছে৷ তাৎপর্যপূর্ণভাৱে ভয়ংকৰ দুর্ঘটনাটোক লৈ তিলমানো অনুতপ্ত নোহোৱা নন্দিনী কাশ্যপে কালি এই দুর্ঘটনাটো এটা সাধাৰণ দুর্ঘটনা বুলি হাস্যবদনে মন্তব্য কৰি আত্মপক্ষ সমর্থন কৰা পৰিলক্ষিত হ’ল৷ মৃত যুৱকজনে ন্যায় পাব নে নাই, সেয়া সময়তহে পৰিষ্কাৰ হ’ব৷ অৱশ্যে শেহতীয়া এই কাণ্ডৰ পাছতে নন্দিনী কাশ্যপৰ সৈতে থকা দুটা বর্ষৰ চুক্তি বাতিল কৰিছে ৰাজধানী থিয়েটাৰ কর্তৃপক্ষই৷ ছামিউল হকৰ দুর্ভাগ্যজনক মৃত্যুৰ বাবে এই সিদ্ধান্ত থিয়েটাৰ কর্তৃপক্ষই আজি লৈছে বুলি জানিব পৰা গৈছে৷

Niyomiya Barta Desk, 30 July, 2025

You might also like