পাকিস্তানৰ আকাশে-বতাহে কেৱল উচ্চাৰিত এটাই নাম গৌৰৱ গগৈ
গৌৰৱ গগৈয়ে অসমক বদনামী কৰিছে, ভাৰতৰ গৌৰৱ পূৰ্ণ ঐতিহ্যক বিশ্বাসঘাতকতা কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
এটা ৰাতিৰ ভিতৰতে পাকিস্তানী টিভি চেনেলসমূহৰ নয়নৰ মণি হৈ পৰিল গৌৰৱ গগৈ । এতিয়া পাকিস্তানৰ আকাশে-বতাহে কেৱল উচ্চাৰিত হৈছে এটাই নাম ‘গৌৰৱ গগৈ’। গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানী মিডিয়া। নহ’বই বা কিয়, যিবোৰ প্ৰশ্নৰ উত্তৰ ইমান দিনে পাকিস্তানে বিচাৰি আছিল, সন্দেহৰ সৃষ্টি কৰি আহিছিল সেই প্ৰশ্নসমূহ সোমবাৰে সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে উত্থাপন কৰি পাকিস্তানক পৰোক্ষভাৱে সহায় কৰিছে।
গৌৰৱ গগৈৰ উক্ত ভাষণৰ মাজত যেন পাকিস্তানে বিচাৰে পাইছে সকলো প্ৰশ্নৰ উত্তৰ! যি ভাষণে পাকিস্তানৰ সকলো সন্দেহ-সংশয় দূৰ কৰাৰ লগতে পাকিস্তানক ভাৰত বিৰোধী কাৰ্যকলাপ সংঘটিত কৰাত উদগনি যোগোৱাত সহায় কৰিছে।
সোমবাৰে সংসদৰ মজিয়াত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে ড’নাল্ড ট্ৰাম্পৰ উদ্ধৃতিৰে অপাৰেচন সিন্দূৰত ভাৰতৰ কিমানখন যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হৈছে, অপৰেচন সিন্দূৰ ভাৰতে আধাতে কিয় বন্ধ কৰি দিলে আদি দেশৰ আভ্যন্তৰীণ প্ৰতিৰক্ষা সম্পৰ্কীয় কেতবোৰ প্ৰশ্নৰ উত্তৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰা জানিবলৈ বিচাৰে। গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ এই ভূমিকাত খুবেই অত্যুৎসাহী হৈ পৰে পাকিস্তানী মিডিয়া।
ইপিনে, গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি আৰু পাকিস্তানী মিডিয়াত সাংসদগৰাকীৰ ব্যাপক চৰ্চা লাভ কৰা বিষয়টোৱে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ সংসদত গৌৰৱ গগৈয়ে পাকিস্তানৰ ভাষা কোৱা বুলি মন্তব্য কৰে। আনহাতে, সংসদত ভাষণ দি পাকিস্তানক সুৰক্ষা দিবলৈ গৌৰৱ গগৈয়ে কৰা এনে প্ৰচেষ্টাই তেওঁৰ পৰিয়ালৰ পাকিস্তানৰ সৈতে নিবিড় সম্বন্ধ থকা বুলি উঠা সন্দেহক অধিক ঘণীভূত কৰি তোলা বুলি একাংশই মন্তব্য কৰে৷
অসমৰ সাংসদ গৌৰৱ গগৈৰ এনে প্ৰচেষ্টা অসম আৰু অসমীয়াৰ বাবে চৰম লজ্জাজনক বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে৷ পাকিস্তানৰ শীৰ্ষস্তৰৰ এজেণ্টতকৈও যে গৌৰৱ গগৈ কম নহয়, সংসদত থিয় দি গৌৰৱ গগৈয়ে তাকে পুনৰবাৰ প্ৰমাণ কৰা বুলিও সামাজিক মাধ্যমত একাংশ লোকে গৌৰৱ গগৈক চোকা সমালোচনা কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে অসমক অপমান কৰা বুলি মন্তব্য কৰি ভাৰতৰ গৌৰৱপূৰ্ণ ঐতিহ্য তথা কোটি কোটি ভাৰতীয়ক গৌৰৱ গগৈয়ে বিশ্বাসঘাতকতা কৰা বুলি উল্লেখ কৰে। সামাজিক মাধ্যমত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে যোৰহাটৰ আমাৰ সাংসদজনে কালি সংসদত দিয়া ভাষণে সন্দেহাতীতভাৱে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈয়ে কাম কৰে। তেওঁৰ পাকিস্তানলৈ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথা স্পষ্ট কৰি তুলিছে। তেওঁৰ পত্নী আৰু দুই সন্তানৰ বিদেশী নাগৰিকত্ব থকা হেতুকে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে। তেওঁৰ এইধৰণৰ কাৰ্যই আমাৰ অসমক বদনামী কৰিলে৷ লগতে ভাৰতবৰ্ষৰ গৌৰৱপূৰ্ণ ঐতিহ্য তথা কোটি কোটি ভাৰতীয়ক তেওঁ বিশ্বাসঘাতকতা কৰিলে৷
পাকিস্তানত গৌৰৱ গগৈৰ জনপ্ৰিয়তা আছে বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই এই জনপ্ৰিয়তা দেশৰ বাবে গৌৰৱৰ বিষয় হ’ব নোৱাৰে বুলি মন্তব্য কৰি গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে।
আনহাতে, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কংগ্ৰেছৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তীব্ৰ কটাক্ষ কৰি কয় যে এজন অসম সন্তান জিলিকিছে। উজলি উঠিছে বিদেশত৷ কালিৰে পৰা এখন দেশৰ সংবাদমাধ্যমত কেৱল এজন অসম সন্তানৰে গুণগান৷ সেই দেশৰ মানুহৰ মুখে মুখে এতিয়া তেওঁৰ নাম। দেশখনত এতিয়া তেওঁ পাইছে ‘বীৰ’ৰ খিতাপ!
Niyomiya Barta Desk, 30 July, 2025