নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিন্ধু জলচুক্তি স্থগিতকৰণৰ কঠোৰ সিদ্ধান্তত সংকটত পাকিস্তান

🔹 ভাৰতৰে সফল আলোচনাৰ বাবে সাজু পাক প্রধানমন্ত্রী শ্বৰীফ

🔹 ব্রিটিছ উচ্চায়ুক্ত জেন মেৰিয়টৰ সৈতে বার্তালাপ পাক প্রধানমন্ত্রী শ্বৰীফৰ

নিউজ ডেস্ক, ২৫ জুলাই : সিন্ধু জলচুক্তি স্থগিতকৰণৰ কঠোৰ সিদ্ধান্তই পাকিস্তানক বাৰুকৈয়ে সংকটত পেলাইছে৷ অপাৰেচন সিন্দূৰৰ পাছত ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰি থকা পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে এইবাৰ ভাৰতৰে আলোচনাৰ বাবে ব্রিটিছ উচ্চায়ুক্তৰ সহায় বিচাৰিছে৷

ইছলামাবাদস্থিত ব্রিটিছ উচ্চায়ুক্ত জেন মেৰিয়টক প্রধানমন্ত্রীৰ বাসভৱনলৈ মাতি নি বৈঠকত মিলিত হোৱা পাক প্রধানমন্ত্রী শ্বৰীফে ভাৰতৰ সৈতে সফল আলোচনাৰ বাবে সাজু হৈ থকা বুলি মত ব্যক্ত কৰিছে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুদিনীয়া ভ্রমণসূচীৰে গ্রেট ব্রিটেইনত থকাৰ সময়ত পাক প্রধানমন্ত্রী শ্বৰীফে ইছলামাবাদস্থিত উচ্চায়ুক্তক মাতি নি ভাৰতৰ সৈতে আলোচনাৰ আগ্রহ দেখুওৱাটো তাৎপর্যপূর্ণ হৈ পৰিছে৷ কূটনৈতিকভাৱে সকলো ফালৰে পৰা ব্যর্থ হৈ পৰা পাকিস্তানে অৱশেষত ব্রিটিছৰ সহায়েৰে ভাৰতৰ সৈতে আলোচনাৰ পথ মুকলি কৰাৰ লক্ষ্য লোৱা বুলিও সংবাদ মাধ্যমত ব্যাপক চর্চিত হৈছে৷

ভাৰত আৰু পাকিস্তানৰ মাজত অপাৰেচন সিন্দূৰৰ পাছত হোৱা তীব্র উত্তেজনা হ্রাস কৰাৰ ক্ষেত্রত গ্রেট ব্রিটেইনৰ ভূমিকাক প্রশংসা কৰি পাক প্রধানমন্ত্রী শ্বৰীফে ব্রিটিছ উচ্চায়ুক্তগৰাকীক ভাৰতৰে আলোচনাৰ প্রসংগটো উত্থাপন কৰে৷ ভাৰতৰ সৈতে বিবাদিত সকলো বিষয়ক লৈ পাকিস্তানে মুকলি আলোচনাৰে বিষয়সমূহ নিষ্পত্তি কৰাৰ ওপৰত ইছলামাবাদে গুৰুত্ব আৰোপ কৰি আছে বুলিও প্রধানমন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে নিৰীহ লোকৰ ওপৰত বর্বৰ হত্যালীলা চলোৱাৰ প্রত্যাঘাত হিচাপে ভাৰতে পাকিস্তান আৰু পিঅ’কেত নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠনৰ ঘাটিত অপাৰেচন সিন্দূৰ চলায়৷ ভাৰতক প্রত্যাহ্বান জনাই পাকিস্তানে আক্রমণ কৰে যদিও ভাৰতীয় সেনাই সেই আক্রমণ প্রতিহত কৰাই নহয়, পাকিস্তানৰ ওপৰত আক্রমণ চলাই দেশখনৰ কেইবাটাও বিমান ঘাটি বিধ্বস্ত কৰে৷

You might also like