নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কক্ষপথত পৃথিৱী নিৰীক্ষণ কৃত্রিম উপগ্রহ ‘নিছাৰ’

🔹 ভাৰতৰ ইছৰো–আমেৰিকাৰ নাছাৰ যৌথ মহাকাশ অভিযান

নিউজ ডেস্ক, ৩১ জুলাই : ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত সম্পর্কক উজ্জীৱিত কৰি দুয়োখন দেশৰ যৌথ অভিযানযোগে কক্ষপথত সফলতাৰে সংস্থাপিত কৰা হ’ল পৃথিৱী নিৰীক্ষণ কৃত্রিম উপগ্রহ ‘নিছাৰ’৷ ইছৰো আৰু নাছাই যুটীয়াভাৱে বিকশিত কৰা কৃত্রিম উপগ্রহ নিছাৰ কালি বিয়লি ৫.৪০ বজাত শ্রীহৰিকোটাত মহাকাশ বন্দৰৰ পৰা জিএছএলভি–এফ–১৬ ৰকেটেৰে সফলতাৰে উৎক্ষেপণ কৰাৰ পিছত পৃথিৱীৰ কক্ষপথত সংস্থাপিত কৰা হয়৷

ইছৰো আৰু নাছাৰ মানৱীয় দক্ষতা আৰু দশকজোৰা দুই দেশৰ মহাকাশ সংস্থাৰ ছফ্টৱেৰ আৰু হার্ডৱেৰ প্রযুক্তি বিনিময়ৰ সফলতা কৃত্রিম উপগ্রহ নিছাৰ৷ নিছাৰ নামটো নাছা আৰু ইছৰোৰ পৰা গ্রহণ কৰা হৈছে৷ কৃত্রিম উপগ্রহটোৰ ওজন ২,৩৯৩ কিলোগ্রাম৷ ইছৰোৱে প্রকাশ কৰা মতে, ২৯ জুলাইৰ বিয়লি ২.১০ বজাত চেন্নাইৰ পৰা ১৩৫ কিলোমিটাৰ নিলগত অৱস্থিত শ্রীহৰিকোটা মহাকাশ বন্দৰৰ দ্বিতীয়টো উৎক্ষেপণ কেন্দ্রত নিছাৰৰ উৎক্ষেপণ আৰম্ভ কৰা হয় আৰু বিয়লি ৫.৪০ বজাত উপগ্রহটো মহাকাশলৈ উৰা মাৰে৷

নাছাই প্রকাশ কৰা মতে, ৰকেটটোৰে কক্ষপথলৈ ঠেলি পঠিওৱা কৃত্রিম উপগ্রহটোৱে সকলো পর্যায় সঠিকভাৱে অতিক্রম কৰি পৃথিৱীৰ কক্ষপথত সংস্থাপিত হৈছে৷ ভাৰতীয় মহাকাশ সংস্থাটোৱে প্রকাশ কৰা মতে, দুয়োখন দেশৰ মহাকাশ বিজ্ঞানীয়ে এই অভিযানৰ বাবে ৮ৰ পৰা ১০ বছৰ কঠোৰ পৰিশ্রম কৰাৰ অন্তত কালি সফলভাৱে মহাকাশত কৃত্রিম উপগ্রহটো সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ এই উপগ্রহটোৱে পৃথিৱীৰ বনাঞ্চলৰ ঋতুগত পৰিৱর্তন, পর্বতমালাৰ স্থিতি সলনি, হিমপ্রৱাহৰ গতি নিৰীক্ষণ কৰিব৷ প্রধানতঃ হিমালয়, এণ্টাৰ্কটিকা আৰু পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুত অধ্যয়ন চলাব৷

You might also like