জল্পনা–কল্পনাৰ অন্ত : ভাৰতীয় ফুটবল দলৰ নতুন প্রশিক্ষক খালিদ জামিল
জল্পনা–কল্পনাৰ অন্ত৷ ভাৰতীয় ফুটবল দলৰ নতুন প্রশিক্ষক খালিদ জামিল৷ বহুদিনৰ মূৰত ভাৰতীয় ফুটবলত দেখা যাব এজন ভাৰতীয় প্রশিক্ষক৷ ইষ্ট বেংগল, মোহন বাগানকে ধৰি কেইবাটাও আইএছএল দলৰ প্রশিক্ষকৰ দায়িত্বত থকা খালিদৰ ওপৰত আস্থা ৰাখিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে৷
ছ’চিয়েল মিডিয়াত ফেডাৰেচনে খালিদৰ নিযুক্তিৰ কথা ঘোষণা কৰে৷ মানোলো মার্কেজে যোৱাৰ পিছৰে পৰা ভাৰতীয় ফুটবল দলৰ প্রশিক্ষকৰ পদ খালী হৈ আছে৷ বিজ্ঞাপনৰ জৰিয়তে প্রশিক্ষকৰ বাবে আবেদন বিচৰাৰ পিছত কিছুদিন পূর্বে ফেডাৰেচনৰ কাৰিকৰী সমিতিয়ে তিনিজন লোকৰ নাম চূডান্ত কৰে৷
২৮ জুলাইত এআইএফএফে জনাহছিল যে ১ আগষ্টত নতুন প্রশিক্ষকৰ নাম ঘোষণা কৰা হ’ব৷ ছ’চিয়েল মিডিয়াত এআইএফএফে এটা পোষ্টত লিখিছিল, কাৰিকৰী সমিতিৰ উপস্থিতিত এআইহএফএফৰ কার্যনির্বাহক সমিতিয়ে ভাৰতীয় পুৰুষ দলৰ নতুন প্রশিক্ষক হিচাপে খালিদ জামিলক নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাহছে৷
দিল্লীত অনুষ্ঠিত হোৱা কাৰিকৰী সমিতিৰ বৈঠকত খালিদৰ নাম চূডান্ত হৈছিল৷ খালিদৰ লগতে ষ্টিফেন কনষ্টেণ্টাইন আৰু ষ্টেফান টার্কোভিছে ভাৰতীয় দলৰ প্রশিক্ষক হোৱাৰ দৌৰত নামিছিল৷ খালিদে আইএছএলত নর্থ–ইষ্ট ইউনাইটেড আৰু জামছেদপুৰ এফচিক সফলতাৰে প্রশিক্ষক হিচাপে কাম কৰি আহিছে৷
ইয়াৰ পূর্বেও তেওঁ আই লীগ জয় কৰিছিল৷ ছেপ্টেম্বৰ মাহত এছিয়ান কাপৰ অর্হতা পর্যায়ত ভাৰতৰ দুখন মেচ৷ এই দুয়োখন মেচ ভাৰতীয় দলৰ প্রশিক্ষক হিচাপে খালিদৰ প্রথম পৰীক্ষা৷ দীর্ঘদিনীয়া প্রশিক্ষক জীৱনৰ বাবে খালিদে প্রায় সকলো ফুটবলাৰকে চিনি পায়৷ এই সুবিধা লাভ কৰি তেওঁ জাতীয় দলৰ প্রশিক্ষক হিচাপে যাত্রা আৰম্ভ কৰিব পাৰে৷
Niyomiya Barta Desk, 2 August, 2025