বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা নহ’লেও ক্ৰমাত তৎপৰ হবলৈ ধৰিছে বিজেপি। নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি দলৰ ভেটি শক্তিশালি কৰাৰ উদ্দেশ্যৰে বিটিচিৰ বিভিন্ন এলেকাত ন ন সদস্য যোগদান কৰাৰ দৰেকৈ গোসাইগাঁৱতো বিজেপিৰ এক বিশাল যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়।
জিলা সভাপতি গোসাই বসুমতাৰীয়ে পৰিচালনা কৰা সভাত ন্ত্ৰী অশোক সিংহালে নতুনকৈ বিজেপি’ত যোগদান কৰা সদস্য সকলক উস্ম আদৰণি জনায়। আনহাতে মন্ত্ৰী সিংহলে কয় ‘বিটিচিত এতিয়া চৌদিশে শান্তি আৰু উন্নয়নৰ পৰিবেশ। ইয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ দিবই লাগিব। ২০২০ চনত বিটিআৰ চুক্তিৰ পাছত বড়োলেণ্ডত এটাও গুলি ফুটা নাই, এটাও বোমা ফুটা নাই।
অশান্তজৰ্জৰ বড়োলেণ্ডত বিজেপি দলে শান্তি আনিছে। এই শান্তি অটুট ৰাখিবলৈ বিজেপি দলে এইবাৰ বিটিচি নিৰ্বাচনত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। বিটিচিৰ বহু কেইটা সমষ্টিত আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত হৈছে।
তেঁও আৰু কয় যে বিজেপিৰ দলৰ প্ৰতি ৰাইজৰ আস্থা যথেষ্ট বৃদ্ধি পাইছে। যাৰ বাবেই বিটিচিত বিজেপি দলে ভাল ফলাফল কৰাটো নিশ্চিত হৈছে।
আনহাতে গোসাইগাঁও চহৰক মডেল টাউন হিচাপে গঢ়াৰ বিজেপিৰ পূৰ্বৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত তেওঁ ইতিমধ্যে সকলো কাম আৰম্ভ হৈছে পৰ্যায়ক্ৰমে সকলো প্ৰতিশ্ৰুতি পূৰন কৰা হব বুলি কয় । শৰাইবিল মণ্ডল বিজেপিয়ে আয়োজন কৰা বিশাল যোগদান সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় এক সহস্ৰাধিক নেতা কৰ্মী বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
সভাত বিটিচিৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে,সজল কুমাৰ সিংহ, পাৰিষদ ৰাজীব ব্ৰহ্মকে ধৰি বিজেপি দলৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ একাধিক নেতা-কৰ্মী উপস্থিত থাকে।
উল্লেখ্য যে উক্ত যোগদান কাৰ্য্যসূচীৰ পূৰ্বে মন্ত্ৰী অশোক সিংহলে কচুগাঁৱত দলৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰি কৰ্মকৰ্তা সকলক আৰু অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায়।
তেওঁ কচুগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিজেপিৰ সকলো বুথ কৰ্মীসকলক নিজৰ নিজৰ বুথ মজবুত কৰি ৰাইজৰ কাষ চাপিবলৈ আহ্বান জনায় ।
নিয়মীয়া বাৰ্তা, গোসাঁইগাঁও, ২ আগষ্ট, ২০২৫