বাদশ্বাহ শ্বাহৰুখলৈ প্ৰথম ৰাষ্ট্ৰীয় বঁটা, কৃতজ্ঞতাৰে অভিব্যক্তি প্ৰকাশ
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে তেওঁৰ ৩৩ বছৰৰ কেৰিয়াৰত প্ৰথম নেচনেল এৱাৰ্ড পালে। ছুপাৰষ্টাৰগৰাকী ২০২৩ৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰ ‘জৱান’ত তেওঁৰ অসাধাৰণ অভিনয়ৰ বাবে নেচনেল পুৰস্কাৰ প্ৰদান কৰা হৈছে। কিং খানে এই পুৰস্কাৰটো বিদ্যুত বিনোদ চোপ্ৰাৰ ‘১২তম ফেইল’ত তেওঁৰ ভূমিকাৰ বাবে এই পুৰস্কাৰ পোৱা বিক্ৰান্ত মেচীৰ সৈতে যুগ্মভাৱে লাভ কৰিছে।
নেচনেল এৱাৰ্ড পোৱাৰ পিছত শ্বাহৰুখ খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ হাতত প্লাষ্টাৰ লগা দেখা গৈছে। এই ভিডিঅ’ত কিং খানে নেচনেল পুৰস্কাৰ পোৱাৰ পিছত ভাৰত চৰকাৰ, জুৰী, তেওঁৰ দল, প্ৰশংসক আৰু পৰিয়ালক ধন্যবাদ জনাইছে।
এই সন্মানীয় এৱাৰ্ড পোৱাৰ পিছত কিং খানে হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁৰ অফিচিয়েল এক্স হেন্ডেলত এটা ভিডিঅ’ৰ সৈতে তেওঁ লিখিছে, “মোক নেচনেল পুৰস্কাৰ প্ৰদান কৰাৰ বাবে ধন্যবাদ। জুৰী আৰু তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ক ধন্যবাদ। এই সন্মানৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ। মোৰ প্ৰতি কৰা প্ৰেমৰ বাবে মই অভিভূত, আজি সকলোক মোৰ আলিংগন।”
ভিডিঅ’ত শ্বাহৰুখ খানে কয় “ক’বলৈ ভাষা নাই যে মই কৃতজ্ঞতা আৰু বিনয় কিদৰে প্ৰকাশ কৰিম, মই অভিভূত। নেচনেল এৱাৰ্ড সন্মান পোৱাটো এনে এটা মূহূৰ্ত যাক জীৱন ভৰি সঞ্চয় কৰি ৰাখিম। জুৰী, সভাপতি আৰু তথ্য-প্ৰচাৰ মন্ত্ৰালয় আৰু যিসকলে ভাবিলে যে মই এই সন্মানৰ যোগ্য, তেওঁলোকক বহুত ধন্যবাদ।”
উল্লেখ্য যে জৱান ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে কিং খানক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে।
Niyomiya Barta Desk, 2 August, 2025