প্ৰৱঞ্চনা : SC-ত “ধন সৰবৰাহ” গোচৰৰ ভয় দেখুৱাই লুটিলে ১.৭০ কোটি টকা
চাইবাৰ অপৰাধীৰ জালত পৰিল চাপৰৰ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়া নিৰ্মল দাস।ED ৰ নাম লৈ সৰ্বহাৰা কৰিলে চাপৰৰ এজন ব্যক্তিক
চাইবাৰ চক্ৰৰ জালত পৰিল এইবাৰ চাপৰৰ এজন ব্যক্তি। মুম্বাইৰ নাছিক থানাত বিভিন্ন অপৰাধত গোচৰ ৰুজু হোৱা বুলি ভয় দেখুৱাই নিজকে প্ৰথমে ক্ৰাইম ব্ৰান্স আৰু পিছত ই ডিৰ ভয় দেখুৱাই লুটি ললে প্ৰায় এক কোটি সত্তৰ লাখ টকা। প্ৰাপ্ত বাতৰি মতে চাপৰ থানাৰ অন্তৰ্গত চাপৰ বজাৰৰ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়া নিৰ্মল দাস নামৰ ব্যক্তি গৰাকীৰ পৰা ই ডি ৰ নাম লৈ নগদ ১ কোটি ৭০ লাখ ৩৯ হাজাৰ ৪৪৪ টকা লুটি নিয়ে চাইবাৰ চক্ৰয়।
নিৰ্মল দাসে সাংবাদিকক দিয়া তথ্য মতে, তেওঁৰ ওচৰত নাসিক থানাত বিভিন্ন কাৰণত গোচৰ ৰুজু হোৱা বুলি ফোন আহিছিল। লগতে তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ অপৰাধত উচ্চতম ন্যায়ালয়ত এটি গোচৰ ৰুজু হৈ আছে বুলি জানিবলৈ দিয়ে। পিছত উক্ত গোচৰটো ই ডিৰ হস্তান্তৰ কৰা হৈছে বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে। কেইদিনমান পিছত নিজকে ই ডিৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তি এজনে কৌশলৰে অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ একাউন্টত থকা ধন ই ডিৰ একাউণ্টত হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তিনি দিন পিছত উক্ত ধনৰাশি মোকলাই দিব বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে।
উক্ত প্ৰৱঞ্চক বিষয়াই দিয়া বিভিন্ন একাউন্টত নিৰ্মল দাসে সময়ে সময়ে প্ৰায় 1,70,39,444 টকা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে। ইপিনে ধন প্ৰদান কৰাৰ তিনিদিন উকলি যোৱাৰ পিছত ধনৰাশি নিজৰ একাউণ্টত উভতি নোহোৱাত চিন্তিত হৈ পৰে নিৰ্মল দাস।
এই বিষয়ে তেওঁ প্ৰবঞ্চকৰ কবলত পৰা বুলি নিজকে সন্দেহ কৰি উপায়ান্তৰ হৈ চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ১১৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটো গুৰুত্ব সহকাৰে লৈ তৎপৰতাৰে তদন্ত কৰি উক্ত ঘটনা সংক্ৰান্তত ধুবুৰীৰ এটা বন্ধন বেংক শাখাৰ একাউণ্টৰ দ্বাৰা উক্ত ধনৰাশিৰ লেনদেন হোৱাৰ অভিযোগত ধুবুৰী বন্ধন বেংক শাখাৰ প্ৰবন্ধক দিপ্ত কুমাৰ দাস (৪৬)ক আটক কৰে।
লগতে উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ফকিৰগঞ্জৰ হাফিজুৰ ৰহমান (৪১) আৰু জালাল উদ্দিন জোদ্দাৰকো (৩৮) চাপৰ আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তিনিজনকে ইতিমধ্যে চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, চাপৰ, ২ আগষ্ট, ২০২৫