নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি এতিয়ালৈকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ১৪,৬১৬ জনৰ

ভাৰতত মৃত্যু হৈছে ৮জনকৈ লোকৰ, কোনখন ৰাজ্যত কিমান আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ কৰ’ণাই সমগ্ৰ বিশ্বজুৰি সৃষ্টি কৰিছে আতংকৰ। চীনৰ পিছতে প্ৰায় এই ভাইৰাছত বিধ্বস্ত হৈছে ইটালী। ৫হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ইটালীত। সমগ্ৰ বিশ্বত এতিয়ালৈকে মৃত্যু ১৪,৬১৬ জন লোকৰ। আক্ৰান্ত হৈছে প্ৰায় ৩লাখ লোক।

               ভাৰততো বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা। বৰ্তমান দেশত ৮জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্ত হৈছে ৪২৫জন লোক। LOCK DOWN কৰি দিয়া হৈছে কেইবাখনো ৰাজ্য। আজি মহাৰাষ্ট্ৰত মৃত্যু হয় এজন ৬৮ বছৰীয়া লোকৰ। মহাৰাষ্ট্ৰত সংক্ৰমিত লোকৰ সংখ্যা ৮৯জনলৈ বৃদ্ধি।ইয়াৰ উপৰিও সমগ্ৰ দেশজুৰি আক্ৰন্তৰ সংখ্যা-

দিল্লীত -৩২জন

কেৰালাত -৬৭জন

কৰ্ণাটকত -২৬জন

হাৰিয়ানাত -২৩জন

উত্তৰ প্ৰদেশত ২৭জন

তেলেংগানাত -২৭জন

লাডাখত- ১৩জন

জম্মু-কাশ্মীৰ-৪জন

ৰাজস্থানত -২৫জন

অন্ধ্ৰপ্ৰদেশত -৩জন

পঞ্জাৱ -২১জন

তামিলনাডুত -৭জন

ছত্তিশগড়-১জন

উত্তৰাখণ্ড-৪জন

ওড়িশা-২জন

পশ্চিমবংগ-৭জন

You might also like