টেষ্ট ক্ৰিকেট-ৰ ইতিহাসত প্রথমবাৰৰ বাবে ৯ বেটাৰৰ চাৰি শতাধিক ৰান
টেষ্ট ক্ৰিকেট-ৰ ইতিহাস : ১৪১ বছৰীয়া টেষ্ট ক্রিকেটৰ ইতিহাসত প্রথমবাৰৰ বাবে এটা শৃংখলাত ৪০০ বা তাতকৈ অধিক ৰান সংগ্রহ কৰিলে ৯জন বেটাৰে৷ এই অভিলেখটো ৰচিত হয় সামৰণি পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টেষ্ট শৃংখলাটোত৷
শৃংখলাটোত ৫জন ভাৰতীয় আৰু চাৰিজন ইংৰাজ বেটাৰে ৪০০ৰো অধিক ৰান সংগ্রহ কৰে৷ টীম ইণ্ডিয়াৰ শুভমন গিল, কে এল ৰাহুল, ৰবীন্দ্র জাদেজা, ঋষভ পণ্ট আৰু যশস্বী জয়ছোৱাল উপৰি ইংলেণ্ডৰ বেন ডাকেট, জ’ ৰুট, জেমি স্মিথ আৰু হেৰী ব্রুকে শৃংখলাটোত ৪০০ৰো অধিক ৰান সংগ্রহ কৰে৷
১৮৭৭ চনত প্রথমখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল আৰু ১৮৮৪ চনত প্রথমটো টেষ্ট শৃংখলা অনুষ্ঠিত হৈছিল৷ ১৪১ বছৰীয়া হতিহাসত ১৯৭৫–৭৬ চনৰ ৱেষ্ট হণ্ডিজ বনাম অষ্ট্রেলিয়া শৃংখলাত আঠজন বেটাৰে ৪০০ৰো অধিক ৰান সংগ্রহ কৰিছিল৷
১৯৯৩ চনৰ এছেজত আঠজনে ৪০০ ৰানৰো অধিক ৰান সংগ্রহ কৰিছিল৷ সামৰণি পৰা শৃংখলাটোত ভাৰতৰ শুভমন গিলে ৭৫৪ ৰান, লোকেশ ৰাহুলে ৫৩২ ৰান, ৰবীন্দ্র জাদেজাই ৫১৬ ৰান, ঋষভ পণ্টে ৪৭৯ আৰু যশস্বী জয়ছোৱালে ৪১১ ৰান কৰে৷ ইপিনে ইংলেণ্ডৰ জ’ ৰুটে ৫৩৭, হেৰী ব্রুকে ৪৮১, বেন ডাকেটে ৪৬২ আৰু জেমি স্মিথে ৪৩৪ ৰান কৰে৷
Niyomiya Barta Desk, 5 August, 2025