নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সংখ্যালঘু হ’ব অসমীয়া

২০৪১ত অসমত সংখ্যালঘুত পৰিণত হ’ব অসমীয়া ৷ ২০১১ৰ লোকপিয়লৰ ভিত্তিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৬ জুলাইত এই ভয়ংকৰ তথ্য ব্যক্ত কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমীয়া তথা খিলঞ্জীয়া লোকসকল কিদৰে দুর্যোগৰ সন্মুখীন হৈছে তাৰ ব্যাখ্যা আগবঢ়াই ব্যক্ত কৰে যে ২০১১ৰ লোকপিয়লত অসমৰ ৩৪ শতাংশ মুছলমান আছে৷

ইয়াৰে ৩ শতাংশ খিলঞ্জীয়া মুছলমানক বাদ দিলে ৩১ শতাংশ মিঞা মুছলমান হ’ব৷ মিঞা মুছলমানৰ আগ্রাসনে অসমৰ জনগাঁথনি ইতিমধ্যে সলনি কৰিছে৷ এনে আগ্রাসনৰ বিৰুদ্ধে সজাগ–সচেতন নহ’লে আগন্তুক ডেৰ দশকৰ ভিতৰত অসমীয়া আৰু খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ’ব৷ ২০১১ৰ লোকপিয়লৰ তথ্য পর্যালোচনা কৰিলে অসমৰ প্রতিজন খিলঞ্জীয়া বিৱেকবান লোক উদ্বিগ্ণ হ’ব৷

২০০১ত বৰপেটা জিলাত বসবাস কৰা মুছলমান লোকৰ সংখ্যা আছিল ৭,৭৬,৯৭৪গৰাকীৰ পৰা ২০১১ত ১১,৯৮,০৩৬ গৰাকীলৈ বৃদ্ধি হৈছে৷ এই সময়ছোৱাত মৰিগাঁও জিলাত ২,৮৯,৮৩৫গৰাকীৰ পৰা ৫,০৩,২৫৭গৰাকীলৈ, দৰং জিলাত ৪,১৫,৩৩২গৰাকীৰ পৰা ৫,৯৭,৩৯২গৰাকীলৈ, বঙাইগাঁও জিলাত ২,৬৪,৩৯৩গৰাকীৰ পৰা ৩,৭১,০৩৩গৰাকীলৈ, নগাঁও জিলাত ৮,৯৩,৩২২গৰাকীৰ পৰা ১৫,৬৩,২০৩গৰাকীলৈ, ধুবুৰীত ৯,৩৮,৭৮৯গৰাকীৰ পৰা ১৫,৫৩,০২৩গৰাকীলৈ, গোৱালপাৰা জিলাত ৩,৩৫,২৭৫গৰাকীৰ পৰা ৫,৭৫,৯২৯গৰাকীলৈ বৃদ্ধি হৈছে৷

১৯৯১ চনত অসমৰ মুছলিম জনসংখ্যা আছিল ৬৩,৭৩,২০৪গৰাকী৷ অর্থাৎ অসমৰ জনসংখ্যাৰ ২৮.৪৩ শতাংশ৷ ২০১১ৰ লোকপিয়লত অসমৰ মুছলিম জনসংখ্যা ১,০৬,৭৯,৩৪৫গৰাকী হৈছে৷ অর্থাৎ মুছলিম জনসংখ্যা অসমত বৃদ্ধি হৈছে ৩৪.২২ শতাংশ৷ ঘাইকৈ মিঞা অধ্যুষিত অঞ্চলত বৃদ্ধি হোৱা জনসংখ্যা গাঁথনিৰ ব্যাপক পৰিৱর্তনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ প্রতি ভয়াৱহ ভাবুকি নমাই আনিছে৷

বৰপেটা জিলাৰ কলগাছিয়াত ১৯৯১ত মুছলিম জনসংখ্যা আছিল ১,২১,৪৩১গৰাকী৷ ২০১১ত কলগাছিয়াত মুছলিম জনসংখ্যা বৃদ্ধি হৈছে ১,৯৪,৪৫৬গৰাকীলৈ৷ একেদৰে বৰপেটা জিলাৰ বাঘবৰত মুছলিম জনসংখ্যা ২,৩১,২৪২গৰাকীৰ পৰা ২,৯৪,৯৯৩গৰাকীলৈ, দৰং জিলাৰ দলগাঁৱত ১,৫৪,১৭৯গৰাকীৰ পৰা ৪,১৮,০১২গৰাকীলৈ, গোৱালপাৰাৰ লক্ষীপুৰত ১,৪০,৪৯২গৰাকীৰ পৰা ২,২৬,১২০গৰাকীলৈ, কামৰূপ জিলাৰ ছমৰীয়াত ৬২,৯৩৩গৰাকীৰ পৰা ১,০৬,৭০৬গৰাকীলৈ, নগৰবেৰাত ৩০,৯১৫গৰাকীৰ পৰা ৫৬,৮৭৬গৰাকীলৈ আৰু লখিমপুৰ জিলাৰ নাওবৈচাত ৩০,৯১৫গৰাকীৰ পৰা ৫৮.১৪৩গৰাকীলৈ বৃদ্ধি হৈছে৷

১৯০১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৯০.০২ শতাংশ হিন্দু আৰু ৯.৫০ শতাংশ মুছলমান লোক আছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫১ত প্রথমবাৰৰ বাবে লোকপিয়ল হোৱাৰ সময়ত হিন্দু লোকৰ সংখ্যা ৭২.০১ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি হৈছিল ২৪.৬৮ শতাংশলৈ৷ স্বৰাজোত্তৰ সময়ছোৱাত জনগাঁথনিৰ পৰিৱর্তনে খিলঞ্জীয়া লোকসকলৰ জীৱনলৈ নমাই অনা ভয়ংকৰ দুর্যোগ ইতিমধ্যে প্রতিফলিত হৈছে৷

মিঞাৰ আগ্রাসন এটা দশকত সৃষ্টি হোৱা সমস্যা নহয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে অসমীয়া তথা অসমৰ ভূমিপুত্রসকলৰ অধিকাৰ খর্ব কৰি এখন বৃহৎ ইছলামিক ৰাষ্ট্র গঠনৰ বাবে চক্রান্ত চলোৱা হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে ক্রিপছ মিছনে তিনিটা গোটত ভাৰতক বিভাজন কৰিবলৈ পদক্ষেপ লৈছিল৷ অসমক বংগ তথা পূব পাকিস্তানৰ অধীনত অন্তর্ভুক্ত কৰিবলৈ মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই বিশেষ প্রভাৱ বিস্তাৰ কৰিছিল৷

এইক্ষেত্রত জিন্নাক দেহে–কেহে সহায় কৰিছিল চৈয়দ ছাদুল্লা, মৌলানা ভাছানী, মইনুল হক চৌধুৰীৰ দৰে অসমীয়াবিদ্বেষী নেতাসকলে৷ কিন্তু অসমীয়া আৰু খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে এনে চক্রান্ত ওফৰাবলৈ সক্ষম হৈছিল লোকপ্রিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ভীমকান্ত দেউৰী, ৰবিকান্ত কছাৰীৰ দৰে খিলঞ্জীয়া নেতাই৷ খিলঞ্জীয়া নেতাসকলৰ বলিষ্ঠ ভূমিকা আৰু মহাত্মা গান্ধীৰ সহযোগ নহ’লে অসম আজি বাংলাদেশৰ অধীন হৈ থাকিব লাগিলহেঁতেন৷

গ্রুপিঙৰ ষড়যন্ত্র ব্যর্থ হ’লেও অসমখনক বাংলাদেশত চামিল কৰি এখন বৃহৎ ইছলামিক ৰাষ্ট্র গঠনৰ বাবে ‘গজৱা–ই–হিন্দ’ৰ জৰিয়তে এনে চক্রান্ত দীর্ঘকাল অব্যাহত আছিল৷ শেহতীয়াকৈ মৌলবাদী সন্ত্রাসবাদী সংগঠনসমূহক এনে দুষ্কার্যত জড়িত কৰি অসমখনক অস্থিৰ কৰিবলৈ চক্রান্ত চলাইছে৷ ব্রহ্মপুত্রৰ দুয়োপাৰে থকা উর্বৰ ভূমি, ৰাজ্যখনৰ চৰকাৰী ভূমি আৰু সংৰক্ষিত ভূমিসমূহত পৰিকল্পিতভাৱে বেদখল চলাই জনগাঁথনি পৰিৱর্তনৰ নির্ণায়ক লক্ষ্যত উপনীত হোৱাৰ লগে লগে

অসমত মিঞালেণ্ডৰ দাবী উত্থাপিত হৈছে৷ আনকি আগন্তুক লোকপিয়লত মিঞাসকলে মাতৃভাষা অসমীয়াৰ পৰিৱর্তে বাংলা ভাষাক মাতৃভাষা ৰূপে চিনাকি দিয়াৰ হুমকি দিছে৷ মিঞাৰ আগ্রাসন কিমান ভয়াৱহ সেয়া শেহতীয়া বেদখল উচ্ছেদ অভিযানতে স্পষ্ট হৈছে৷ বছৰ বছৰ ধৰি চৰকাৰী ভূমি আৰু সংৰক্ষিত ভূমিত চলি থকা মিঞাৰ এনে বেদখল প্রতিৰোধ কৰিবলৈ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ মিঞাৰ বেদখলৰ বিৰুদ্ধে প্রথম অভিযান চলাইছিল লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুপ্রসাদ মেধিৰ কার্যকালত৷

কিন্তু বিগত ৬০ বছৰে মিঞাৰ বেদখলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল কোনো এজন মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যকালত ধাৰাবাহিকভাৱে চৰকাৰী আৰু সংৰক্ষিত বনভূমিৰ বেদখল উচ্ছেদ হৈছে৷ এই উচ্ছেদৰ বাবে মুখ্যমন্ত্রীগৰাকীক একাংশ বিৰোধী ৰাজনৈতিক দলে সমালোচনা কৰিছে৷ কিন্তু অসমীয়া আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বার্থত মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা বলিষ্ঠ ভূমিকা ইতিহাসত লিপিবদ্ধ হ’ব৷ ইতিহাসে কাপুৰুষক নহয়, বীৰকহে স্মৰণ কৰে৷

You might also like