নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধংদেহি মনোভাবেৰে ইংলেণ্ডত শৃংখলা ড্ৰ গিল বাহিনীৰ

শৃংখলা ড্ৰ : ক্রিকেটত অসম্ভৱ বুলি কোনো কথা নাই৷ আছে মাথোঁ ধৈর্য, সাহস, একাগ্রতা আৰু যুঁজাৰু মনোবৃত্তি৷ ইয়াৰেই প্রতিফলন ঘটিল লণ্ডনৰ কেনিংটন অভেলত৷ অদমনীয় যুঁজাৰু মনোবৃত্তিৰেই অভেলত ধুমুহা তুলি ভাৰতীয় দলক আকাংক্ষিত জয়ৰ সোৱাদ দিলে মহম্মদ চিৰাজে৷

এই জয় ভাৰতীয় দলৰ বাবে একপ্রকাৰে অসম্ভৱ বুলিয়েহ ধাৰণা কৰিছিল সকলোৱে৷ কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিলে চিৰাজে, তেওঁক যোগ্য সহযোগ কৰে প্রসিদ্ধ কৃষ্ণই৷ অভেল টেষ্টৰ অন্তিম দিনা ইংলেণ্ডক জয়ৰ বাবে প্রয়োজন হৈছিল মাত্র ৩৫ ৰানৰ৷ হাতত আছিল ৪টা উইকেট৷

এনে অৱস্থাত দলটোৰ জয় প্রায় নিশ্চিত বুলি ভবা হৈছিল যদিও মহম্মদ চিৰাজৰ ক্ষুৰধাৰ বলিঙৰ সুবাদত ভাৰতীয় দলে ৬ ৰানত অবিশ্বাস্য জয়লাভ কৰে৷ দিনটোৰ আৰম্ভণি অৱশ্যে সফলেই আছিল ইংলেণ্ডৰ বাবে৷ দিনটোৰ প্রথম দুটা বলতে আহিছিল দুটাকৈ বাউণ্ডেৰী৷ প্রসিদ্ধ কৃষ্ণৰ এই অভাৰ অন্ত পৰাৰ পিছতে সম্পূর্ণ সলনি হৈ পৰে মেচৰ স্থিতি৷

হাতত বল লৈ ইংৰাজ বাহিনীৰ বাবে ত্রাস হৈ পৰে মহম্মদ চিৰাজ৷ নিজৰ প্রথমটো অভাৰতে চিৰাজে ভাৰতক দিয়ে প্রত্যাশিত সফলতা৷ এহ অভাৰটোৰ তৃতীয়টো বলত চিৰাজে বিদায় দিয়ে বেটাৰ জেমি স্মিথক৷ ইয়াৰ পিছতে জয়ৰ সম্ভাৱনা অধিক দৃঢ় হৈ পৰে ভাৰতীয় দলৰ৷ নিজৰ দ্বিতীয়টো অভাৰৰ অন্তিমটো বলত চিৰাজে দখল কৰে অভাৰটনৰ উহকেট

চিৰাজে প্রথম দুটা সফলতা দিয়াৰ পিছত ভাৰতক তৃতীয়টো সফলতা প্রদান কৰে প্রসিদ্ধ কৃষ্ণই৷ জ’ছ টঙৰ উইকেট দখলেৰে প্রসিদ্ধই অধিক আকর্ষণীয় কৰি তোলে মেচৰ স্থিতি৷ অৱশ্যে ইয়াৰ পিছত হাতত আঘাত লৈ ক্রিজত প্রৱেশ কৰি ক্রিছ ৱ’কছে হূদয় জয় কৰে সকলোৰে৷ মাত্র এখন হাতেৰে বেট ধৰি ৱ’কছে পূর্ণ চেষ্টা চলায় দলৰ জয়ৰ৷

আনটো দিশত ইংলেণ্ডৰ আশা সজীৱ কৰি যুঁজ অব্যাহত ৰাখে গাছ এটকিনছনে৷ অৱশেষত ইংলেণ্ডৰ এই আশা ভংগ কৰি এক নিখুঁত য়র্কাৰেৰে ভাৰতলৈ আকাংক্ষিত বিজয় কঢ়িয়াই আনে চিৰাজে৷ ইয়াৰ লগে লগে ১–২ ব্যৱধানত পিছ পৰি থকা ভাৰতীয় দলে শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে অভেলত ভাৰতৰ প্রথম ইনিংছৰ ২২৪ ৰানৰ প্রত্যুত্তৰত ইংলেণ্ডে ২৪৭ ৰান কৰিছিল৷ ভাৰতে দ্বিতীয় ইনিংছত ৩৯৬ ৰান সংগ্রহ কৰি ইংলেণ্ডৰ সন্মুখত ৩৭৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷ অৱশেষত মহম্মদ চিৰাজৰ নেতৃত্বত ভাৰতীয় বলিং আক্রমণে ইংলেণ্ডক ৩৬৭ ৰানত বান্ধি ৰাখি দলক ৬ ৰানত জয় প্রদান কৰে৷

দ্বিতীয় ইনিংছত ৫টা উহকেট দখল কৰা চিৰাজে প্রথম ইনিংছতো ৪টা উইকেট লৈ মুঠ ৯টা উহকেটেৰে মেচৰ শ্রেষ্ঠ বিবেচিত হয়৷ আনহাতে পাঁচখনীয়া মেচৰ এই শৃংখলাটোত চাৰিটা শতকসহ ৭৫৪ ৰান কৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিল আৰু ৪৮১ ৰান কৰা ইংলেণ্ডৰ হেৰী ব্রুক উভয়ে শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয়৷

Niyomiya Barta Desk, 5 August, 2025

You might also like