মহানগৰী গুৱাহাটীত একাংশ লজ-গেষ্ট হাউছ এতিয়া যৌনতাৰ মুকলি স্থানলৈ পর্যবসিত হৈছে৷ এইবাৰ জয়ানগৰৰ ‘ব্যাপ্টিষ্ট ইন’ নামৰ এটা গেষ্ট হাউছত যৌনতাৰ মুকলি বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷
শেহতীয়াকৈ সামাজিক মাধ্যম হোৱাটছএপৰ মাধ্যমেৰে ভাইৰেল হোৱা কিছু স্নেপশ্বট আৰু অডি’ কল ৰেকর্ডিঙৰ পৰাহে এই ৰহস্য পোহৰলৈ আহিছে৷ লক্ষণীয় বিষয়টো এয়ে যে আৰক্ষী প্রশাসনক মেনেজ কৰি জনৈক হাজৰিকা উপাধিৰ এজন লোকে এই বেহা চলাই নিয়াৰ অভিযোগ আহিছে৷
ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা গুৱাহাটীলৈ অধ্যয়ন অথবা চাকৰি বিচাৰি অহা একাংশ যুৱতীক উক্ত চক্রটোৱে নিজৰ এজেণ্টৰ সহায়ত চাকৰি দিয়াৰ প্রতিশ্রুতিৰে দেহ বিক্রীৰ কামত লিপ্ত কৰোৱায়৷ জানিব পৰা মতে সুন্দৰী যুৱতীৰ সৈতে নৈশ যাপন কৰাৰ ইচ্ছা থকা গ্রাহকক চক্রটোৱে হোৱাটছএপৰ মাধ্যমেৰে যুৱতীৰ ফটো প্রেৰণ কৰে৷
যুৱতীৰ সৌন্দর্য অনুসৰি নিশাটোৰ মূল্য নির্ধাৰণ কৰা হয়৷ নূ্যনতম ৬ হাজাৰৰ পৰা ১৫–২০ হাজাৰলৈ যুৱতীৰ দৰ–দাম কৰা হয়৷ উল্লেখ্য যে দেহ বিক্রীৰ বাবদ প্রতিগৰাকী যুৱতীক মাহেকত ১৮ হাজাৰ টকা দৰমহা দিয়াৰ লগতে প্রতিনিশাৰ বাবদ যুৱতীগৰাকীক এহেজাৰ টকা দিয়া হয়৷
আনহাতে যুৱতী যোগান ধৰা জনৈক হাজৰিকাই লাভ কৰে প্রতিগৰাকী যুৱতীৰ বিনিময়ত ৫ হাজাৰ টকাকৈ৷ গ্রাহকৰ সৈতে ফোনতে যোগাযোগ কৰি কোঠা বুক কৰি দিয়া চক্রটোৰ বিষয়ে সকলো কথা জনাৰ পাছতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ অৱশ্যে বাতৰি লিখা পৰলৈকে এই সন্দর্ভত আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিছেনে নাই সেয়া জানিব পৰা হোৱা নাই৷
Niyomiya Barta Desk, 5 August, 2025