PLAৰ সৈতে যুদ্ধৰ অনুশীলনত উল্ফ ৰবট, শত্রুক বিনাশ কৰিবলৈ ৰবটৰ আশ্রয় ৰঙা চীনৰ
সামৰিক সেনাক আধুনিকীকৰণৰ সৈতে সম্পূর্ণ প্রযুক্তিক ব্যৱহাৰ কৰিছে চীনে৷ মানৱ সেনাৰ বিকল্প হিচাপে শত্রুক বিনাশ কৰিবলৈ চীনে প্রযুক্তিৰ ব্যৱহাৰেৰে নির্মাণ কৰি উলিওৱা উল্ফ ৰবট ব্যৱহাৰ কৰিব যুদ্ধক্ষেত্রত৷
যুদ্ধক্ষেত্রত শত্রুৰ সামৰিক অস্ত্র বিনাশ কৰাৰ লগতে সেনাক প্রতিহত কৰাৰ বাবে বিশেষ প্রযুক্তিৰে চীনে নির্মাণ কৰি উলিয়াইছে উল্ফ ৰবট৷ বুধবাৰে এই উল্ফ ৰবটক প্রথমবাৰৰ বাবে চীনে ৰাজহুৱাকৈ প্রদর্শন কৰিছে৷ চীনৰ পিপল্ছ লিবাৰেচন আর্মী, চমুকৈ পিএলএৰ সৈতে যুদ্ধৰ অনুশীলনত উল্ফ ৰবট মোতায়েন কৰা হৈছে৷
তাৎপর্যপূর্ণ যে ২০২৪ চনত এনেধৰণৰ ৰবটৰ বিষয়ে চীনে এয়াৰ শ্ব’ত প্রকাশ কৰিছিল যদিও যুদ্ধৰ অনুশীলনত প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে৷ চীনৰ গ্ল’বেল টাইমছৰ তথ্য অনুসৰি ৭০ কিলোগ্রাম ওজনৰ এই ৰবটে চৌদিশৰ পৰা আক্রমণ কৰি শত্রু পক্ষক আঘাত হানিব পাৰে৷ তদুপৰি যুদ্ধক্ষেত্রত সেনাক অস্ত্র–শস্ত্র যোগান ধৰাকে ধৰি অভিযানত সহায় কৰিব পাৰে৷ অতি দুর্গম পাহাৰীয়া অঞ্চলতো এই ৰবটে সক্রিয় হৈ অভিযান চলাই যাব পাৰে৷ চহৰ অঞ্চলৰ লগতে উচ্চ পর্বতমালাতো ৰবটটোৱে যুদ্ধৰ সময়ত সেনাক সহযোগিতা কৰিব পাৰিব৷ চীনৰ এই নতুন ৰবটে যুদ্ধক্ষেত্রখনকে সলনি কৰি দিব পাৰে বুলি চর্চিত হৈছে৷
Niyomiya Barta Desk, 8 August, 2025