নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ বালিকা মহাবিদ্যালয়লৈ স্বায়ত্তশাসনৰ স্বীকৃতি

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্র আৰু ৰাজ্যৰ দ্বিতীয় খন স্ত্রী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ে স্বায়ত্তশাসনৰ স্বীকৃতি লাভ কৰিছে। যোৱা ৪ আগষ্টত বিশ্ব বিদ্যালয় অনুদান আয়োগে লখিমপুৰ বালিকা মহাবিদ্যালয়ক আগন্তুক পাচ বছৰৰ বাবে স্বায়ত্তশাসিত মহাবিদ্যালয় ৰূপে স্বীকৃতি প্ৰদান কৰে।

উল্লেখ্য গোলাঘাটৰ এইচ পি বি বালিকা মহাবিদ্যালয়ৰ পাছতে ৰাজ্যত দ্বিতীয় খন বালিকা মহাবিদ্যালয় লখিমপুৰ বালিকা মহাবিদ্যালয়ে স্বায়ত্তশাসনৰ মৰ্যাদা লাভ কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্র স্ত্রী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ে স্বায়ত্তশাসনৰ স্বীকৃতি লাভ কৰাত বিদ্বৎ সমাজে আদৰণি জনাইছে।

মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ সূৰজিৎ ভূঞাই মহাবিদ্যালয় খনে এই স্বীকৃতি লাভ কৰাত সন্তোষ প্ৰকাশ কৰি মহাবিদ্যালয় খনৰ বিদ্যায়তনিক যাত্ৰাত এক মাইলৰ খুটি হব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য ১৯৭২ চনতে স্থাপিত লখিমপুৰ বালিকা মহাবিদ্যালয়খনে উচ্চ শিক্ষাৰ ক্ষেত্রত এক সুনামৰ ধাৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে। বৰ্তমান ২২শ ৰো অধিক ছাত্রীয়ে অধ্যয়ন কৰা মহাবিদ্যালয় খনৰ শৈক্ষিক ক্ষেত্রক স্বায়ত্তশাসনৰ স্বীকৃতিয়ে অধিক মজবুত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্বায়ত্তশাসিত মহাবিদ্যালয় ৰূপে লখিমপুৰ বালিকা মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্রত আগুৱাই যাব। উল্লেখ্য এনচিআৰটিৰ অনুমোদন সাপেক্ষে লখিমপুৰ বালিকা মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা বিএড, বিএচি বিএড আদিৰ চাৰি বছৰীয়া পাঠ্য ক্ৰমো আৰম্ভ কৰা হৈছে।

লক্ষ্যণীয় মহাবিদ্যালয় খনৰ তৰফৰ পৰা স্বায়ত্তশাসনৰ স্বীকৃতি বিচাৰি যোৱা ডিচেম্বৰত আবেদন জনোৱা হৈছিল আৰু বিশ্ব বিদ্যালয় অনুদান আয়োগে চাৰি আগষ্টত এই স্বীকৃতি প্ৰদান কৰে। এই লৈ মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে ছাত্রী সমাজ আৰু লখিমপুৰৰ বিদ্বৎ সমাজে আদৰণি জনায়।

বিশেষ বাৰ্তা, লখিমপুৰ, ৮ আগষ্ট, ২০২৫

You might also like