ধ*ৰ্ষ*ণৰ অভিযোগত বিতৰ্কত দুই খ্যাতনামা ক্রিকেটাৰ, বিপদত ভৱিষ্যৎ
ক্ৰিকেট জগতত হৈ-চৈ লাগিছে। ভাৰত আৰু পাকিস্তানৰ দুজন যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰে এজন ক্ৰিকেটাৰ জেললৈ যাবলগীয়া হৈছিল। যদিও পিছত সেই খেলুৱৈগৰাকীয়ে জামিন লাভ কৰিছে। আনজন ক্ৰিকেটাৰো জেললৈ যাব পাৰে। ইয়াত ভাৰতৰ ক্ৰিকেটাৰৰ নাম যশ দয়াল আৰু পাকিস্তানৰ ক্ৰিকেটাৰৰ নাম হাইদৰ আলীৰ কথা কোৱা হৈছে।
পাকিস্তানৰ যুৱ তাৰকা বেটছমেন হাইদৰ আলীৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণ আৰু মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে। ২৪ বছৰীয়া হাইদৰ আলী পাকিস্তান এ দলৰ সৈতে ইংলেণ্ড ভ্ৰমণত গৈছে। ইংলেণ্ডত গ্ৰেটাৰ মানচেষ্টাৰ পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। যদিও পিছত তেওঁ জামিন লাভ কৰিছে। এতিয়ালৈকে মহিলাগৰাকীৰ বয়সৰ বিষয়ে প্ৰকাশ কৰা হোৱা নাই, কিন্তু মহিলাগৰাকীৰ বয়স ১৬ বছৰ বা তাতকৈ কম হয়, তেন্তে হাইদৰ আলী গুৰুতৰ সমস্যাত পৰিব পাৰে। বাতৰি অনুসৰি, ইংলেণ্ডত ধৰ্ষণৰ দোষীক ৪ বছৰৰ পৰা ১৯ বছৰলৈকে জেলৰ শাস্তি হ’ব পাৰে। বৰ্তমান পিচিবিয়ে হাইদৰ আলীক স্থগিত কৰিছে।
আইপিএলত আৰচিবিৰ হৈ খেলা উত্তৰ প্ৰদেশৰ দ্ৰুতগতিৰ বলাৰ যশ দয়লৰ ওপৰতো ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। যশ দয়ালে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰা নাই, কিন্তু তেওঁ তিনি বছৰ ধৰি আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন কৰি আহিছে। শেহতীয়াকৈ যশ দয়ালে ৰাজস্থান হাইক’ৰ্টৰ পৰা বিমুখ হৈছে। ৰাজস্থান হাইক’ৰ্টে যশ দয়ালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে। সেয়েহে তেওঁ জেললৈ যাবলগীয়াও হ’ব পাৰে। বৰ্তমান যশ দয়ালৰ গোচৰৰ পৰৱৰ্তী শুনানি ৰাজস্থান হাইক’ৰ্টত ২২ আগষ্টত হ’ব। ইয়াৰ পূৰ্বে যশ দয়ালৰ বিৰুদ্ধে উত্তৰ গাজিয়াবাদতো এখন এফআইআৰ দাখিল হৈছিল। যদিও তেতিয়া তেওঁ গ্ৰেপ্তাৰ হোৱা নাছিল।
Niyomiya Barta Desk, 8 August, 2025