নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্বল পাকিস্তানক আমি নিমিষতে পৰাস্ত কৰিলোঁ : সেনাপ্রধান

অপাৰেচন সিন্দূৰ অন্য সামৰিক অভিযানৰ দৰে নাছিল৷ কিয়নো শত্রুৰ পৰৱর্তী পদক্ষেপৰ বিৰুদ্ধে আমি অনিশ্চিত আছিলোঁ৷ এই অভিযান দবা খেলৰ দৰেই আছিল৷ কিন্তু এই খেলখনত আমি পাকিস্তানক নিমিষতে পৰাস্ত কৰিছোঁ৷– তামিলনাডুত অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰে সেনাপ্রধান উপেন্দ্র দ্বিবেদীয়ে৷

তেওঁ লগতে কয়– পাকিস্তানৰ সীমান্তৰ গভীৰত গৈ আক্রমণ কৰাটো সহজ নাছিল৷ আমি এক অচিনাকি জ’নত গৈ আক্রমণ কৰিছিলোঁ৷ ইয়াত শত্রুৱেও একে কাম কৰি আছিল৷ আমাৰ ৰিস্ক কম নাছিল৷ তৎসত্ত্বেও বহুক্ষেত্রত আমি পাকিস্তানক পৰাস্ত কৰিছোঁ৷

প্রসংগক্রমে উল্লেখযোগ্য যে ২২ এপ্রিলত লস্কৰ–ঈ–তৈবাৰ পৃষ্ঠপোষকতাত টিআৰএফৰ চাৰিটা সন্ত্রাসবাদীয়ে পেহেলগামত ২৬গৰাকী নিৰস্ত্র পর্যটকক নির্বিচাৰে গুলীয়াই হত্যা কৰিছিল৷ কাশ্মীৰৰ এজন স্থানীয় উগ্রপন্থীৰ নেতৃত্বত সংঘটিত হৈছিল এই নাৰকীয় ঘটনা৷ এই আক্রমণৰ প্রত্যুত্তৰত ভাৰতে ৭ মে’ৰ পুৱতি নিশা অপাৰেচন সিন্দূৰ আৰম্ভ কৰে৷

ভাৰতীয় সেনাই ২২ মিনিটতে পাকিস্তান আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰত ৯টা সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰে৷ এই আক্রমণৰ পিছতে ভাৰতৰ সীমান্তৰ জনবসতিপূর্ণ অঞ্চলত পাকিস্তানে প্রত্যাক্রমণ কৰিছিল৷ ইয়াৰ প্রত্যুত্তৰত ভাৰতে পাকিস্তানৰ ১১টা বিমানঘাটি ধ্বংস কৰাৰ লগতে প্রায় ৪০জন পাকিস্তানী জোৱান আৰু শতাধিক উগ্রপন্থী নিহত হয়৷

ভাৰতীয় সেনাৰ আক্রমণ সহ্য কৰিব নোৱাৰি পাকিস্তানৰ ডিজিএম’ই ভাৰতলৈ যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনাই টেলিফোনিক বার্তালাপত মিলিত হয়৷ অৱশেষত ইছলামাবাদৰ অনুৰোধৰ প্রতি ভাৰত চৰকাৰে সন্মতি প্রকাশ কৰে৷ ভাৰতে বর্তমান যুদ্ধবিৰতি মানি চলিলেও অপাৰেচন সিন্দূৰ সামৰা নাই বুলি হুংকাৰ দি আহিছে৷ শত্রুপক্ষই কূটাঘাতৰ পৰিকল্পনা কৰিলেই উচিত প্রত্যুত্তৰ দিয়া হ’ব বুলি সকীয়নি দিছে৷

Niyomiya Barta Desk, 11 August, 2025

You might also like