নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত প্ৰহসন ট্ৰেফিক ব্যৱস্থাপনা : উদাসীন সংশ্লিষ্ট চৰকাৰী বিভাগ

ধুবুৰীত ট্ৰেফিক ব্যৱস্থাপনা এক প্ৰহসনত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। অফিছ-কাছাৰি খোলা যিকোনো দিনত ধুবুৰী চহৰখনৰ মূল বজাৰৰ এনএছ ৰোড, ধানপট্টি আদিকে ধৰি এছবিআইৰ মূল শাখাৰ সমীপৰ ৰাজপথ আৰু অইন একাংশ অঞ্চলত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাটো এক স্বাভাৱিক নিয়মত পৰিণত হৈছে।

ফলত বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ উপৰিও সৰ্বসাধাৰণ ৰাইজেও তীব্ৰ যানজঁটত নিতৌ নাজল-নাথল হ’বলগীয়া হৈছে।

ইপিনে, ধুবুৰীৰ ট্ৰেফিক ব্যৱস্থাপনাৰ এই বেহাল অৱস্থাৰ বাবে ধুবুৰী পৌৰসভাৰ বিৰূদ্ধেও কিন্তু বহুতেই অভিযোগৰ আঙুলি তুলা পোৱা গৈছে। দৰাচলতে মাত্ৰাধিক ই-ৰিক্সাৰ সংখ্যা তথা ই-ৰিক্সাৰ একাংশ চালকৰ কোনো ধৰণৰ পথ নিৰ্দেশিকা আৰু কোনো ট্ৰেফিক আইন মানি চলাৰ অনীহাৰ বাবেই ধুবুৰীৰ যানজটৰ মূল কাৰণ ৰূপেই চিহ্নিত হৈছে।

ফলত স্বাভাবিক ভাবেই চহৰখনত ই-ৰিক্সাৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো ধুবুৰী পৌৰসভা কৰ্তৃপক্ষৰ এক ব্যৰ্থতা বুলিয়েই পৰিগণিত হৈছে। তাৰোপৰি, ধুবুৰী চহৰত সদায় যাতায়াত কৰা শ-শ যাত্ৰীবাহী টেম্পোৰ চলাচলৰ প্ৰকৃত পথ নিৰ্দেশিকা দৰাচলতে সেই প্ৰশ্নও উত্থাপিত হৈছে। উত্থাপিত হৈ টেম্পো আৰু ই-ৰিক্সাৰ অবস্থান ৰূপে পৌৰসভাই কোনো স্থান নিৰ্দিষ্ট কৰি দিয়া-নিদিয়াক লৈও।

উল্লেখ্য যে, ধুবুৰী চহৰত মালবাহী ট্ৰাক প্ৰৱেশ কৰাৰো আছে নিৰ্দিষ্ট সময়সীমা। কিন্তু, সেই নিয়ম ধোঁৱাচাঙত তুলি চহৰখনত বিনাবাধায় দিন- দুপৰতে মালবাহী ট্ৰাক প্ৰৱেশ কৰি থকাৰো কিন্তু অভিযোগ আছে।

ইয়াৰ মাজতে আকৌ, “আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল” শীৰ্ষক আপ্তবাক্যটো সত্যত পৰিণত চহৰখনৰ ঠায়ে ঠায়ে স্থাপন কৰা ট্ৰেফিক লাইট ব্যৱস্থাপ্ৰণালীও। উল্লেখ্য যে, ২০১৮-১৯ বৰ্ষত অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগ (Urban dev department) চিআইডিএফ (CIDF)ৰ আঁচনিৰ জৰিয়তে ১ কোটি ৫০ লাখ টকীয়া ট্ৰেফিক চিগনেল লাইট স্থাপন কৰা হৈছিল ধুবুৰীত।

কিন্তু স্থাপন হোৱাৰ ডেৰ বছৰ নহওঁতেই মৃত্যমুখী যাত্ৰা কৰা দেখা গৈছে সেই ট্ৰেফিক লাইটবোৰ। বিগত কেই মাহমানৰ পৰাই চহৰখনৰ অধিকাংশ ট্ৰেফিক লাইট বিকল হৈ থকাৰ সমান্তৰাল কেইটামানৰ আকৌ ট্ৰেফিক লাইটৰ খুটাবোৰেই ভাঙি পৰিবলৈ ধৰাও প্ৰত্যক্ষিত হৈছে। এই ঘটনাই স্বাভাবিক ভাবেই ক্ষোভৰ সৃষ্টি কৰিছে স্থানীয় সচেতন মহলবোৰত। আনকি, ট্ৰেফিক লাইট সংস্থাপনৰ গইনা লৈ বৃহৎ কেলেংকাৰী সংগঠিত হোৱা বুলি সন্দেহো উত্থাপিত কৰিছে বহুতেই।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ আগষ্ট, ২০২৫

You might also like