বিশেষ বাৰ্তা, ১২ আগষ্ট : চলিত শালি খেতিৰ বতৰত কৃষক ৰাইজৰ বাবে উপৰ্যুপৰি দুৰ্যোগ নামি আহিছে। খৰাং বতৰ, শূঁৰ পোকৰ তাণ্ডৱৰ সমানে এইবাৰ অপতৃণে ছানি ধৰিছে সেউজ ধাননি পথাৰ। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে খৰাং বতৰ আৰম্ভ হোৱাৰ আগতেই কৃষকে সংখ্যাৰ লেখেৰে কম হ’লেও কিছু পৰিমাণে শালি ধান ৰুইছিল। আহাৰ মাহৰ শেষৰ পিনে এনেদৰে ৰোৱা ধান সজাল ধৰাৰ পাছতেই আৰম্ভ হয় খৰাং বতৰ। পানী নোহোৱাৰ ফলত সজাল ধৰা ধানৰ মাজত ক্ৰমে অপতৃণ গজিবলৈ আৰম্ভ কৰে। সম্প্রতি বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে অপতৃণসমূহ লহপহকৈ বাঢ়ি আহে। সজাল ধৰি বাঢ়ি অহা ধাননি পথাৰসমূহ ছানি ধৰিছে অপতৃণে। স্হানীয় ভাষাত মূৰফুলা বুলি কোৱা এই অপতৃণে ধান গছ দেখি নোপোৱাকৈ পথাৰসমূহ ছানি ধৰিছে। ক’তো এটা ধানৰ পাত নেদেখাকৈ পথাৰসমূহ অপতৃণে ছানি ধৰিছে। যিখিনি এতিয়া উভালি শেষ কৰাটো সম্ভৱ নহয়। অপতৃণে বহু পথাৰ এনেদৰে ছানি ধৰিছে যে এডৰা পথাৰত এটা ধানৰ থোক পাবলৈও কৃষক ৰাইজ সক্ষম নহ’ব।
আনহাতে, শূঁৰ পোকৰ সন্ত্ৰাস আছেই। যিসমূহ পথাৰত অপতৃণে ছানি ধৰা নাই তাত শূঁৰ পোকৰ তাণ্ডৱ। এফালে শূঁৰ পোক আৰু আনফালে অপতৃণ। কৃষকৰ শস্য ক্ষেত্রত এতিয়া চলিছে এনে দুৰ্যোগ। লখিমপুৰৰ বিভিন্ন স্থানৰ শস্য ক্ষেত্রত এতিয়া এনে দৃশ্যপট। লক্ষণীয় যে খৰাং বতৰ অন্ত পৰাৰ পাছত কৃষক ৰাইজ খেতিপথাৰত নামে যদিও বহু হেক্টৰ শস্য ক্ষেত্র কৃষিৰ অনুপযোগী হৈ পৰে। জলডুবাসদৃশ হোৱাৰ লগতে মেটেকাৰে ছানি ধৰিছে বহু পথাৰ। কৃষিৰ অনুপযোগী হৈ পৰিছে বহু খেতিপথাৰ। খৰাং বতৰ দীঘলীয়া হোৱাৰ ফলত বহু কৃষকে সময় মতে কঠীয়া পাৰিব নোৱাৰিলে। খৰাঙৰ পাছত বৰষুণ অহাৰ লগে লগে কঠীয়া পৰাৰ অনুকূল হয় যদিও ৰোৱাৰ সময় উকলি যোৱাৰ সময়লৈকে কঠীয়া হোৱাৰ জোখাৰে ডাঙৰ হোৱা নাই। সেয়ে বতৰ পালেও বহু কৃষকে ভূঁই ৰুব পৰা নাই। আনহাতে, কৃষিৰ ভৰপক মাহ শাওণ শেষ হবলৈ কেইদিনমানহে বাকী। জিলাখনৰ বিভিন্ন স্থানৰ খেতিপথাৰত এতিয়া এনে হতাশাজনক প্ৰতিচ্ছবি। ভাদ মাহ সোমোৱাৰ লগে লগে কৃষিৰ বতৰ অন্ত পৰিব। বৰ্তমানৰ ৰেহৰূপ চাই উদং হৈয়েই ৰ’ব বহু শস্য ক্ষেত্র। ফলত এক অনাকাংক্ষিত আকালৰ সম্ভাৱনাই উক দিছে। এনে সংকটময় পৰিস্থিতিৰ কিছু জোৰা মাৰিবলৈ কৃষি বিভাগে কৃষক ৰাইজক মাহজাতীয় শস্যৰ খেতি কৰাত সহায় কৰি উদগনি নিদিলে বছৰজুৰি কৃষকৰ চকুলো বৈয়েই থাকিব।
প্ৰেৰক জীৱন গোস্বামী