নগাঁও চহৰৰ ৰেষ্টুৰেণ্টত কৰ্মৰত বহিঃৰাজ্যৰ যুৱকৰ ৰহস্যজনক মৃত্যু
নগাঁও চহৰৰ এখন ৰেষ্টুৰেন্টত বিহাৰৰ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে ‘দেশী স্বাদ’ নামৰ ৰেষ্টুৰেন্টখনত বিহাৰৰ ধীৰাজ কুমাৰ নামৰ যুৱকজন কৰ্মৰত আছিল।
কালি ৰহস্যজনকভাবে যুৱকজনৰ মৃত্যু হয়।ব হিঃৰাজ্যৰ যুৱক এজনৰ আকস্মিক ভাবে মৃত্যু হোৱা ঘটনা সম্পৰ্কত আৰক্ষীক ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে এজাহাৰ দাখিল কৰিব লাগিছিল যদিও ২৪ ঘন্টা পাৰ হোৱাৰ পিচতহে ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ অভিযোগ উঠিছে।
জানিব পৰাম তে ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই যুৱকজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অৱশ্যে চিকিৎসালয়খনত থকা আৰক্ষীৰ পৰা ইটাচালী আৰক্ষীয়ে বিষয়টো জানিব পাৰে। কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ’ল জানিব পৰা হোৱা নাই। ৰেষ্টুৰেন্টখন জনৈক সুশীল জৈন নামৰ এজন ব্যক্তিৰ পত্নীৰ মালিকানাধীন।
বিশেষ বাৰ্তা, নগাঁও, ১৪ আগষ্ট, ২০২৫