নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ বছৰে জাতীয় পতাকা প্ৰস্তুত জোনাইৰ এগৰাকী বয়োজেষ্ঠ দৰ্জীৰ

কাইলৈ স্বাধীনতা দিৱস৷ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে বিভিন্নজনে৷ তাৰ মাজতে বিগত প্ৰায় ৬০ বছৰে নিজ হাতেৰে পতাকা প্ৰস্তুত কৰি দেশপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ  এইগৰাকী বয়োজেষ্ঠ দৰ্জীয়ে ৷

দেশপ্ৰেমৰ প্ৰমাণ দিবলৈ আমি কোনো সৈনিক বা ৰাজনৈতিক নেতা হোৱাৰ প্ৰয়োজন নাই। এজন নাগৰিকে যদি দেশৰ কোনো অহিত চিন্তা কৰা নাই, সমাজখনক অস্থিৰ কৰি তোলা নাই, এজন নাগৰিকে আনজন নাগৰিকৰ স্বাধীনতা, অধিকাৰ যদি খৰ্ব কৰা নাই সেয়াও দেশপ্ৰেম। আমি থকা সমাজখনক ধুনীয়াকৈ ৰাখিবলৈ আপোনাৰ সাধ্যনুযায়ী যদি কিবা কৰিছে সেয়াও দেশপ্ৰেম।

ঠিক তেনেকৈ  জোনাই সম জিলাৰ অন্তৰ্গত জোনাই বজাৰত বিগত প্ৰায় ৬০ বছৰ ধৰি নিজ হাতে জাতীয় পতাকা তৈয়াৰ কৰি নিৰৱে দেশ সেৱাত ব্ৰতী হৈ আহিছে নুৰ হুছেইন নামৰ প্ৰায় ৮০ বছৰ  উৰ্ধৰ বয়োজোষ্ঠ এগৰাকী  লোকে। প্ৰতি বছৰে স্বাধীনতা আৰু গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নিজ হাতেৰে  অসংখ্য জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়ায় ।

প্ৰথম অৱস্থাত দুই-চাৰি খন পতাকা চিলাই কৰি বিক্ৰী কৰিছিল যদিও পাছলৈ সৰহসংখ্যক পতাকা চিলাই জোনাই অঞ্চলৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে ৷

বৃহত্তৰ জোনাই সমজিলাত জাতীয় পতাকা  প্ৰস্তুত কৰা এক মাত্ৰ  বিপনীৰ গৰাকীয়ে  হৈছে নুৰ হুছেইন।  সম্প্ৰতি এনে এগৰাকী ব্যক্তিৰ কৰ্মক ভূয়সী প্ৰশংসা কৰিছে জোনাইৰ স্থানীয় ৰাইজে । প্ৰায় ২১ বছৰ পৰা  বয়সৰ পৰাই  কাপোৰ চিলাই কৰা এখন বিপনী খুলি বিভিন্ন  ধৰণৰ সাজ-পোছাক চিলোৱাৰ উপৰিও  প্ৰতি বছৰে স্বাধীনতা  আৰু গণতান্ত্ৰ দিৱসত জাতীয় পতকা প্ৰস্তুত কৰা উপাৰ্জনেৰে  জীৱিকা নিৰ্বাহ কৰি আহিছে।

তদুপৰি জোনাই সম জিলাৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা  আৰু গণৰাজ্য দিৱসৰ কুচ-কাৱাজত পেৰেড গ্ৰাউণ্ডত ব্যৱহৃত ভি আই পি (VIP)গাড়ীখন সজোৱাৰ কাম কৰি আহিছে এই গৰাকী বয়োজোষ্ঠই। বৰ্তমান সময়ত প্ৰচলিত কৃত্ৰিমভাবে কাগজেৰে তৈয়াৰী জাতীয় পতাকা সমূহে বজাৰ দখল কৰাৰ তুলনাত খদ্দৰ কাপোৰৰ দেশৰ স্বভিমান তিনিবৰণীয়া জাতীয় পতাকা সমূহৰ প্ৰচন তেনেই নগন্য হৈ পৰাত পতাকা চিলাই কৰি জীৱিকা নিৰ্বাহ কৰি থকা দৰ্জীসকল কিছু অসুবিধাৰ সম্মুখীন হব লগাত পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, জোনাই, ১৪ আগষ্ট, ২০২৫

You might also like