নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ কলেজলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি

বিশ্ববিদ্যালয় অনুদান আয়োগে মঙলদৈ মহাবিদ্যালয়লৈ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদানে দৰঙত উৎসাহ মুখৰ পৰিবেশৰ সষ্টি কৰিছে।

আয়োগে প্ৰেৰণ কৰা এক পত্ৰত ২০২৫ – ২০২৬ বৰ্ষৰ পৰা ২০৩৪ – ২০৩৫ বৰ্ষলৈ ১০ বছৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা বুলি উল্লেখ কৰিছে। মঙলদৈ মহাবিদ্যালয়ে এই স্বীকৃতি লাভ কৰাত বিধায়ক বসন্ত দাসে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই স্বীকৃতি ভাল লগা স্বীকৃতি বুলি অভিহিত কৰিছে। দাসে স্বতন্ত্ৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰো দাবী কৰে।

স্বীকৃতিৰ পাছত মীন উন্নয়ণ নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেবী, বিজেপিৰ অমৰেন্দ্ৰ শৰ্মা, অশোক ভাৰ্গব, জোনজ্যোতি কাশ্যপ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰমণীকান্ত চহৰীয়া, মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সকলৰ লগতে আছুৰ জিলা সভাপতি ৰাজু শৰ্মা, কেন্দ্ৰীয় উপসভাপতি খনিন্দ্ৰ ৰাজবংশী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ভৱেশ কাকতি আদিয়ে আনন্দ প্ৰকাশ কৰিছে।

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ১৪ আগষ্ট, ২০২৫

You might also like