পাকিস্তানত ভয়াৱহ বানত অনাহূত পৰিস্থিতি, উদ্ধাৰকাৰী হেলিকপ্টাৰ বিধ্বস্ত, ৩০০জনৰ প্রাণহানি
নিউজ ডেস্ক, ১৭ আগষ্ট : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বানে পাকিস্তান আৰু পিঅ’কেত অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্রলয়ংকৰী বানৰ কবলত দেশখনত অতিকমেও ৩০০জনৰ প্রাণহানি হোৱা বুলি তথ্য প্রকাশ পাইছে৷ ইয়াৰে অধিকাংশ দেশখনৰ খাইবাৰ পাখতুনখৱাৰ বুনেৰ’ৰ৷ উদ্ধাৰ অভিযানৰ লগতে বান সাহায্য সামগ্রী কঢ়িওৱা এমআই ১৭ হেলিকপ্টাৰ এখন দুর্ঘটনাত পতিত হৈছে৷ এই দুর্ঘটনাত হেলিকপ্টাৰখনৰ ৫জন কর্মচাৰীৰো কৰুণ মৃত্যু হৈছে৷
পেছোৱাৰৰ পৰা সাহায্য সামগ্রী লৈ বাজাউৰ অঞ্চললৈ গৈ থকা অৱস্থাতে মহম্মদ ট্রাইবেল জিলাত হেলিকপ্টাৰখন দুর্ঘটনাত পতিত হয়৷ আনহাতে, নেৰানেপেৰা বৰষুণৰ ফলত খাইবাৰ পাখতুনখৱাৰ কেইবাখনো জিলাত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰী প্রশাসনৰ সূত্র মতে, প্রদেশখনত ৩০০তকৈ অধিক লোকৰ বানসৃষ্ট কাৰণত মৃত্যু হৈছে৷ ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্ট জলপ্রলয়ে বাজাউৰ, বুনেৰ’ৰ, স্বাট, টোৰঘৰ, মানাহাৰা, চাংলা আদি জিলাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলমগ্ণ অঞ্চলত উদ্ধাৰ অভিযান চলাবলৈ জটিলতাৰ সৃষ্টি হৈছে৷ বাট–পথ, দলং বানে উটুৱাই লৈ যোৱাত ক্ষতিগ্রস্ত অঞ্চলত আবদ্ধ হোৱা লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত অধিক অসুবিধান সন্মুখীন হৈছে ৷
মন কৰিবলগীয়া যে বিগত জুন মাহৰ পৰা ইটোৰ পিছত সিটো বানে পাকিস্তানৰ প্রদেশকেইখনত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আছে৷ প্রশাসনে প্রকাশ কৰা মতে, বানসৃষ্ট কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাটো নিশ্চিত৷ কিয়নো ক্ষতিগ্রস্ত অঞ্চলত পানীৰ কোবাল সোঁতে উটুৱাই লৈ যোৱা কেইবাজনো লোক সন্ধানহীন হৈ আছে৷