কহিনুৰ থিয়েটাৰ-ৰ সোণালী জয়ন্তী বর্ষৰ নাট্যযাত্ৰা আৰম্ভ
কহিনুৰ থিয়েটাৰ-ৰ নাট্যযাত্ৰা : “আজি সমগ্ৰ অসমবাসীৰ বাবে এক আনন্দৰ দিন৷ আজিৰ পৰা পঞ্চাশ বছৰ আগত এগৰাকী স্বপ্নদ্ৰষ্টাই তেওঁৰ পৰম বন্ধু কৃষ্ণ ৰয়ৰ সতে লগ হৈ যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাই আজি সগৌৰৱে সোনালী জয়ন্তী উদযাপন কৰিলে৷ যিগৰাকী নাট্য যোদ্ধাই নাটকৰ জৰিয়তে কেৱল অসমেই নহয়, অসমৰ পৰিধি ভাঙি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈ অসমৰ নাট্যধাৰাক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল, তেওঁ হৈছে আমাৰ সকলোৰে প্ৰিয় প্ৰয়াত ৰতন লহকৰ৷ তেখেতৰ সুদুৰপ্ৰসাৰী প্ৰচেষ্টাত গঢ় লৈ উঠিছিল কহিনুৰ থিয়েটাৰৰ৷” এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ৷
কালি নিশা প্ৰায় ৯:৩০ বজাত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কহিনুৰ থিয়েটাৰৰ সোনালী জয়ন্তী বৰ্ষৰ মঞ্চ উদ্বোধন কৰি মন্ত্ৰী বিমল বৰাই কয় যে কহিনুৰ থিয়েটাৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নিজকে এক ব্যতিক্ৰমী নাট্যদল হিচাপে উপস্থাপন কৰি আহিছে৷ প্ৰয়াত ৰতন লহকৰে নাট মঞ্চৰ মাধ্যমেৰে সমগ্ৰ অসমতে বিভিন্ন নব্য চিন্তাৰ পাতনি মেলিছিল বুলি মন্তব্য কৰি তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস বৰ্ণনা কৰি অচ্যুত লহকৰ, সদা লহকৰ, ৰতন লহকৰ, কৃষ্ণ ৰয় প্ৰমুখ্যে ভ্ৰাম্যমাণ থিয়েটাৰৰ পূৰোধাসকলে আগবঢ়াই লৈ যোৱা এই বিশেষ ধাৰাটোৰ বিষয়ে উল্লেখ কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৭৬ চনত যশস্বী অভিনেতা, মঞ্চৰত্ন ৰতন লহকৰে তেওঁৰ বন্ধু প্রখ্যাত আলোক শিল্পী কৃষ্ণ ৰয়ৰ সৈতে মিলি কহিনুৰ থিয়েটাৰৰ সূচনা কৰিছিল। সেই কহিনুৰ থিয়েটাৰে সোণালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰাটো ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবেও অতিকৈ আনন্দৰ আৰু গৌৰৱৰ বিষয়।
অসমৰ ভ্রাম্যমান নাট্য জগতত আৰম্ভণিৰে পৰা এক ব্যতিক্রমী নাট্যদল হিচাপে উদ্ভাসিত কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী নাট্য বৰ্ষৰ নাট উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিকৈ আনন্দিত হোৱা বুলি নিজৰ ভাষণত উল্লেখ কৰি শৰাগুৰি চাপৰি, বেনহুৰ, ক্লিউপেট্রাৰ পৰা আৰম্ভ কৰি মহাভাৰত, ৰামায়ণ আদি মহাকাব্য মঞ্চস্থ কৰি আলোড়নৰ সৃষ্টি কৰিছিল। অসমীত যাৰ হেৰাল সীমাৰ দৰে উপন্যাসৰ সার্থক মঞ্চায়নৰ পাছত বিশ্ববিখ্যাত চলচ্চিত্র ‘টাইটানিক’ক মঞ্চলৈ আনি কহিনুৰ থিয়েটাৰে অসমৰ ভ্ৰাম্যমানক নাটকক বিশ্বত পৰিচয় কৰাই দিলে বুলি কৈ তেওঁ পাঠশালাৰ পৰা আৰম্ভ হোৱা চলিত বৰ্ষৰ নাট যাত্ৰাই কহিনুৰ থিয়েটাৰক ৰাইজৰ অধিক মৰম বুটলিবলৈ সক্ষম কৰিব বুলি আশা প্ৰকাশ কৰি এই ছেগতে পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু কলা-কুশলী সকলোকে আন্তৰিক শুভকামনা জনোৱা বুলি নিজৰ ভাষণত উল্লেখ কৰি কয় যে ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ গৌৰৱ।
এই ব্যতিক্ৰমী উদ্যোগক জীয়াই ৰাখিবলৈ আৰু শিল্পীসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ দিশত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সদায় গুৰুত্ব প্ৰদান কৰিছে আৰু ভৱিষ্যতেও এঅ প্ৰয়াস অব্যাহত থাকিব। ৰাজদ্বীপ চেতিয়া ফুকনে আঁত ধৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী, গীতিকাৰ তথা সংগীতকাৰ তৰালি শৰ্মাই উপস্থিত থাকি সোনালী জয়ন্তীৰ শুভ ক্ষণত কহিনুৰ থিয়েটাৰ পৰিয়াললৈ শুভকামনা জনোৱাৰ লগতে থিয়েটাৰ গোষ্ঠীটোক আশীৰ্বাদ কৰিবলৈ ৰাইজক আহ্বান জনায়৷
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ৰতন লহকৰলৈ শ্ৰদ্ধা জনাই কহিনুৰ থিয়েটাৰৰ বৰ্তমানৰ প্ৰযোজক তপন লহকৰক এখন গামোচাৰে অভিনন্দন জনাই কয় যে তপন লহকৰৰ বলিষ্ঠ নেতৃত্ব অবিহনে আজি কহিনুৰ থিয়েটাৰে সোনালী জয়ন্তীত পদাৰ্পণ কৰিব নোৱাৰিলেহেতেন৷ উল্লেখ্য যে অসমৰ নাট্যনগৰী পাঠশালাৰ গৌৰৱ তথা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম মুকুটাস্বৰূপ কহিনুৰ থিয়েটাৰৰ ৫০ সংখ্যক নাট্যবৰ্ষৰ কালি নিশা উদ্বোধনী অনুষ্ঠানত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ, প্ৰয়াত ৰতন লহকৰদেৱৰ পত্নী জ্যোতি লহকৰ, অসম সৌৰভ বঁটাপ্ৰাপক আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় সমন্বিতে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷
উল্লেখ্য যে কহিনুৰ থিয়েটাৰৰ সোনালী জয়ন্তী নাট্যবৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ পিচতেই দৰ্শকেৰে ঠাহ খাই পৰা অস্থায়ী প্রেক্ষাগৃহত বিশিষ্ট নাট্যকাৰ চম্পক শৰ্মাৰ ৰচনা আৰু তপন লহকৰৰ পৰিচালনাৰে “বকুলৰ বিয়া উৰুলি দিয়া” নাটখন মঞ্চস্থ কৰা হয়। ২০২৫-২৬ বর্ষত কহিনুৰ থিয়েটাৰে তিনিখন ভিন্ন ৰুচিসম্পন্ন নাট ক্ৰমে চম্পক শৰ্মাৰ ‘বকুলৰ বিয়া উৰুলি দিয়া’ মৃদুল চুতীয়াৰ ‘প্ৰভু’ আৰু প্ৰণৱ বৰুৱাৰ নাট্যৰূপেৰে ‘টাইটানিক’ মঞ্চস্থ কৰিব। কহিনুৰ থিয়েটাৰত এইবেলি অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে ভ্রাম্যমাণ নাট্যজগতৰ সুদক্ষ অভিনেতা মৃদুল চুতীয়া, ধ্রুৱ দাস, সিদ্ধান্ত কলিতা, শ্রীমন্ত মাধৱ দত্ত, ৰাজ ভৈৰৱ, জয়ন্ত জীৱন বৰুৱা, ৰাজদ্বীপ মহন্ত, সুমন ভৰদ্বাজ, জয়ন্ত শৰ্মা, গিৰিজা মহন্ত, অংকিতা শইকীয়া, বিজুমণি চুতীয়া আৰু সন্ধানী দত্ত সমন্বিতে বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে৷
নিয়মীয়া বাৰ্তা, পাঠশালা, ১৮ আগষ্ট, ২০২৫