🔹 চিকিৎসালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজিছে কন্যাই
🔹 পৰিয়ালটিৰ মৃত্যুৰ আঁৰৰ ৰহস্য উদঘাটন-তদন্তৰ দাবীত ৰাইজ-শিক্ষাৰ্থীৰ সমদল
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : বৰপেটাৰ মন্দিয়াত সমদলেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ। মন্দিয়া আঞ্চলিক কলেজৰ সন্মুখৰ পৰা বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সচেতন ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে উলিয়ায় এই প্ৰতিবাদী সমদল ।
উল্লেখযোগ্য যে ৬ দিন পূৰ্বে মন্দিয়া পুৰণি বস্তিৰ বীৰেন দাসৰ পৰিয়ালৰ তিনিগৰাকী সদস্যৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। জানিব পৰা মতে, চাৰিজনীয়া বীৰেন দাসৰ পৰিয়ালটিৰ প্ৰথমাৱস্থাত বীৰেন দাসৰ চিকিৎসালয়ত মৃত্যু ঘটে আৰু পিছত চিকিৎসাধীন অৱস্থাতে পুত্ৰ প্ৰাণজিৎ দাসেও মৃত্যুক আঁকোৱালি লয় । তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ শুকুৰবাৰৰ নিশা ঘৰখনৰ তৃতীয়গৰাকী সদস্য তথা বীৰেন দাসৰ পত্নী জ্যোৎস্না দাসৰো চিকিৎসালয়তেই মৃত্যু ঘটে। তদুপৰি ঘৰখনৰ অন্তিমগৰাকী সদস্য তথা বীৰেন দাসৰ কন্যা পূৰ্ণিমা দাসৰ অৱস্থা অতি সংকটজনক হোৱাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ICUত সম্প্ৰতি জীৱন-মৃত্যুৰে যুঁজি আছে পূৰ্ণিমা দাসে ।
খাদ্যত বিষক্ৰিয়া হোৱাৰ বাবেই এই আকস্মিক মৃত্যু হোৱাৰ সন্দেহ কৰিছিল সকলোৱে। কিন্তু প্ৰকৃততে কি কাৰণত পৰিয়ালটি নিঃশেষ হৈ গ’ল, তাৰ আজিকোপতি বিভাগীয়ভাৱে কোনো সদুত্তৰ নাপালে বীৰেন দাসৰ আত্মীয় তথা স্থানীয় বাসিন্দাই। সেয়ে বীৰেন দাসসহ তেওঁৰ পৰিয়ালৰ বাকী দুগৰাকী সদস্যৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি আজি শ শ লোক আৰু শিক্ষাৰ্থীয়ে বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰা পৰিলক্ষিত হয় । প্ৰতিবাদকাৰীসকলে বীৰেন দাসৰ পৰিয়ালৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু ন্যায়ৰ দাবীত চক্ৰ বিষয়া তন্ময় ঘোষৰ জৰিয়তে জিলা আয়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। আনহাতে, বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ICUত জীৱন-মৃত্যুৰে যুঁজি থকা বীৰেন দাসৰ কন্যা পূৰ্ণিমা দাসৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী তথা প্ৰশাসনক অনুৰোধ জনাইছে প্ৰতিবাদকাৰীসকলে।
প্ৰেৰক আব্দুল আজিজ আহমেদ