নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Big Breaking News : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

বৰডুমচাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত হঠাৎ অৱতৰণ হেলিকপ্টাৰ।ভাৰতীয় সেনাৰ দিনজানস্থিত কেম্পৰ পৰা অৰুণাচল প্ৰদেশৰ আনিনিলৈ যাত্ৰা কৰিছিল হেলিকপ্টাৰখনে।

হঠাৎ হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে পাইলটে কঠালগুৰিত অৱতৰণ কৰে হেলিকপ্টাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত। হেলিকপ্টাৰখনত মুঠ যাত্ৰী আছিল চাৰিজন।

ইয়াৰে দুগৰাকী হেলিকপ্টাৰৰ পাইলট আৰু দুগৰাকী ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া বুলি জানিব পৰা গৈছে। এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰ।

কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ হঠাৎ অৱতৰণ কৰাত স্থানীয় ৰাইজে হেলিকপ্টাৰ চাবলৈ ভিৰ কৰিছে।

Niyomiya Barta Desk, 19 August

You might also like