নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাই লাভ কৰিব তিনিখন আপাছি হেলিকপ্টাৰ

🔹 পশ্চিম সীমান্তত বৃদ্ধি কৰিব দেশৰ সামৰিক শক্তি

🔹 ২০২০ চনত আমেৰিকাৰ সৈতে ৬০ কোটি মার্কিন ডলাৰৰ চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক, ২১ জুলাই : কাৰিকৰী সমস্যাৰ বাবে বিলম্ব হৈ থকা অত্যাধুনিক আপাছি হেলিকপ্টাৰ ভাৰতীয় সেনাত অন্তর্ভুক্ত হোৱাটো প্রায় নিশ্চিত হৈছে৷ ২২ জুলাইত প্রথম তিনিখন হেলিকপ্টাৰ মার্কিন প্রতিষ্ঠানে গতাই দিব ভাৰত চৰকাৰক৷ অপাৰেচন সিন্দূৰৰ পিছত পশ্চিম সীমান্তত বায়ুসেনাৰ যুদ্ধৰ ক্ষমতা শক্তিশালীৰ দিশত এয়া উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷

উল্লেখ্য যে ভাৰতীয় সেনাই ২০২০ চনত আমেৰিকাৰ সৈতে ৬০ কোটি মার্কিন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰি ৬খন আপাছি হেলিকপ্টাৰ ক্রয়ৰ সিদ্ধান্ত লৈছিল৷ বিগত সময়ত যোগান শৃংখলত ব্যাঘাত জন্মা আৰু কাৰিকৰী বিসংগতিৰ বাবে আমেৰিকাই ২০২৪ চনৰ ডিচেম্বৰত প্রদানৰ প্রতিশ্রুতি দিছিল যদিও সেয়া কার্যকৰী হোৱা নাছিল৷ অৱশেষত ১৫ মাহৰ পিছত মার্কিন কোম্পানীয়ে তিনিখন হেলিকপ্টাৰ ভাৰতক গতোৱাৰ প্রস্তুতি সম্পন্ন কৰিছে৷

ইতিমধ্যে যোধপুৰৰ নাট্রালাওত সেনাৰ বিমান পৰিবহণ বাহিনীয়ে প্রথমখন আপাছি হেলিকপ্টাৰৰ বাবে পাইলট আৰু অন্যান্য কর্মচাৰীক প্রশিক্ষণো দিয়াৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷ এই আপাছি হেলিকপ্টাৰে যিকোনো দুর্যোগৰ সময়ত ক্ষতিগ্রস্ত লোকক উদ্ধাৰৰ বাবে অভিযান চলোৱাৰ ক্ষেত্রতো বিশেষ ভূমিকা পালন কৰে৷

You might also like