ক’ৰোনা পীড়িতৰ বাবে চাৰি হাজাৰ মাস্ক বিতৰণ কৰিলে পাঠান ভ্ৰাতৃদ্বয়ে
নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে এইবাৰ আগবাঢ়ি আহিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰদ্বয় ইৰফান পাঠান আৰু ইউচুফ পাঠান। পাঠান ভ্ৰাতৃদ্বয়ে এতিয়ালৈকে ৪ হাজাৰ মাস্ক বিতৰণ কৰিছে। ইৰফানে এটা ভিডিঅ পষ্ট কৰিছে, য’ত দুই ভাতৃয়ে মাস্কসমূহ স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰিব। লগতে ইৰফানে লিখিছে সমাজৰ বাবে আমি এই কাম কৰিছো। যি সকল লোকে এনেধৰণৰ কাম কৰিব পাৰে অনুগ্ৰহ কৰি তেওঁলোক আগবাঢ়ি আহক আৰু ইজনে সিজনক সহায় কৰক। কিন্তু ভিৰ জমা হবলৈ নিদিব। এইটো এটি সৰু প্ৰয়াস আশাকৰো আমি আৰু বেছি সহায় কৰিব পাৰিম।
Doing our bit for the society. Whatever u guys can do please go ahead and help each other as far as sanitation is concerned.But don’t gather crowd! @iamyusufpathan #corona it’s a small start hopefully we will be keep helping more. Everyone of us… pic.twitter.com/7oG7Sx4wfF
— Irfan Pathan (@IrfanPathan) March 23, 2020