বিদ্যালয়ৰ ইক’ পাৰ্কত দুৰ্বৃত্তৰ তাণ্ডৱ, কাটিলে পাৰ্কৰ কেইবাডাল গছ
এইবাৰ দুৰ্বৃত্তৰ তাণ্ডৱ চলিল এখন বিদ্যালয়ত। নিশা বিদ্যালয় চৌহদত সোমাই কাটিলে কেইবাডালকৈ মূল্যৱান গছ। নগৰবেৰাৰ ৰূপাহাৰা প্ৰাঃ বিদ্যালয়ত দুস্কৃতিকাৰীয়ে নিশা বিদ্যালয়ৰ ইক’ পাৰ্কৰ কেইবাডালকৈ গছপুলি গুৰিতে কাটি দিয়ে।
মূল্যৱান দেৱদাৰু আৰু ফুলগছৰ পুলি কাটি খাস্তাং কৰিলে কোনোবা দুস্কৃতিকাৰীয়ে। সৌষ্ঠৱবৰ্ধনৰ বাবে ৰোৱা গছবোৰ কাটিলে এমূৰৰ পৰা। আজি তাকে লৈ বিদ্যালয়খনত বিৰাজ কৰে অস্থিৰতা। বিদ্যালয়ৰ কণ কণ শিশুহঁতে কটা গছৰ পুলি সন্মুখত লৈ ন্যায় আৰু গছপুলিবোৰ ঘূৰাই বিচাৰি কৰিলে প্ৰতিবাদ।
বিদ্যালয়ৰ প্ৰধান শিক্ষক খয়বৰ আলীৰ মতে বিদ্যালয়ৰ মাটিত কেইজনমানে ক্লাব সাজিব বিচাৰিছিল। উক্ত কামত বাধা দিয়াৰ পৰিণতিতেই এই তাণ্ডৱ চলালে একাংশই। প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে আইনী পন্থা গ্ৰহণৰ বাবে আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত লয়। ঘটনাটোক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে গাঁওখনত।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ আগষ্ট