নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Nandita Case : নন্দিতা হত্যাকাণ্ড : ৪১ সাক্ষীৰ সাক্ষ্য, চাৰি বছৰীয়া বিচাৰত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায়

Nandita Case : এক ৰাজ্য কঁপাই যোৱা সেই ঘটনা আছিল সেয়া। কৰুণ ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়াই আজি ৰায়দানৰ ৰূপ পালে। ন্যায়ো পালে নন্দিতাই। হয় মনত আছেনে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ কথা। সেই হত্যাকাণ্ডৰে আজি ৰায়দান প্ৰদান কৰিলে ধেমাজি জিলা সত্ৰ আৰু ন্যায়াধীশৰ আদালতে। দীৰ্ঘ ৪ বছৰৰ বিচাৰৰ অন্তত আজি হত্যাকাণ্ডৰে জড়িত ৰিণ্টু শৰ্মাক ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায় দিলে।

উল্লেখ্য যে ২০২১ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰাজপথতে দাৰে আঘাত কৰি হত্যা কৰিছিল মহাবিদ্যালয়খনৰে সহকাৰী লাইব্ৰেৰিয়ান ৰিণ্টু শৰ্মাই। নন্দিতা শইকীয়াক আক্ৰমণ কৰাৰ সময়ত তেওঁক ৰক্ষা কৰিবলৈ যোৱা বান্ধৱী কাশ্মীনা দত্ত আৰু কাশ্মীনাৰ পিতৃ দেৱ দত্তও আঘাতপ্ৰাপ্ত হৈছিল।

তাৰ পিছত আৰক্ষীয়ে ৰিণ্টু শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। পিছত গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল। ৪ বছৰৰ বিচাৰৰ অন্তত ধেমাজি আৰক্ষী থানাত ৰুজু হোৱা ৩৯৭/২০২১ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২নং ধাৰাত দোষী সাব্যস্ত হয় ৰিণ্টু শৰ্মা। এই গোচৰত সাক্ষ্যদান কৰিছিল মুঠ ৪১জন সাক্ষীয়ে।

এইটো ধেমাজি জিলাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ৰায় হিচাপে চিহ্নিত হৈছে, যিয়ে ন্যায় ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি কৰিছে। এই ৰায়ক নন্দিতা শইকীয়াৰ পৰিয়ালে ন্যায়ৰ জয় হিচাপে গণ্য কৰিছে। ধেমাজিৰ স্থানীয় ৰাইজৰ মাজতো এই ৰায়ৰ প্ৰতি সন্তুষ্টি প্ৰকাশ পাইছে।

নন্দিতা শইকীয়া হত্যাকাণ্ডৰ গোচৰৰ এই ৰায়ে ন্যায় ব্যৱস্থাৰ কঠোৰতা আৰু নিৰপেক্ষতাৰ এক উদাহৰণ স্থাপন কৰিছে। ৰিন্টু শৰ্মাৰ মৃত্যুদণ্ডৰ ৰায়ে সমাজত অপৰাধৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

Niyomiya Barta Desk, 21 August

You might also like