Breaking News : উমৰাংছু কয়লা খনি ট্রেজেডী, মেনেজাৰ জামালক গ্ৰেপ্তাৰ
Breaking News : ডিমা হাছাও জিলাৰ উমৰাংছু কয়লা খনি দুৰ্ঘটনাত ৯জন শ্রমিকৰ মৃত্যুৰ ঘটনাত এটা ডাঙৰ আপডেট। অবৈধ খনিখনৰ মেনেজাৰ জামাল আলীক আজি হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, তেওঁক শীঘ্ৰে ডিমা হাছাও জিলালৈ লৈ যোৱা হ’ব।
উল্লেখযোগ্য যে এই বছৰৰ জানুৱাৰীত ৰেট-হ’ল খনিত পানী সোমাই যোৱাৰ ফলত ৯জন শ্রমিকৰ কৰুণ মৃত্যু হৈছিল। দীঘলীয়া উদ্ধাৰ অভিযানৰ পাছত ৪২ দিন পিছত সকলো মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ঘটনাটোৰ তদন্তত ইতিমধ্যে চিআইডিয়ে চার্জশ্বীট দাখিল কৰিছে।
Niyomiya Barta Desk, 22 August